🔹 ভোগালী মেলা উদ্বোধন কৃষিমন্ত্ৰী অতুল বৰাৰ
🔹 মেলাত উভৈনদী ভোগালীৰ পিঠাপনাকে ধৰি খাদ্য সম্ভাৰ
🔹 থলুৱা আত্মসহায়ক গোটৰ অংশগ্ৰহণ
ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰী : ভোগালী বিহুৰ ঐতিহ্য–পৰম্পৰা গ্রাম্য পৰিৱেশৰ মাজেৰে কংক্রিটৰ গুৱাহাটী মহানগৰীত উপস্থাপনৰ প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ থলুৱা উদ্যোগীসকলক এখন মঞ্চ প্রদানৰ লক্ষ্যৰে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত ভাৰতীয় জনতা পার্টীৰ অসম প্রদেশ কৃষক মর্চাৰ সহযোগত প্রাইড ইষ্টে ভোগালী মেলা ২০২৪ৰ আয়োজন কৰিছে৷ আজি কৃষিমন্ত্রী অতুল বৰাই এই মেলাখন উদ্বোধন কৰে৷ উদ্বোধনী অনুষ্ঠানত ভাষণ প্রদান কৰি কৃষিমন্ত্রীগৰাকীয়ে সমূহ অসমবাসীক ভোগালী বিহুৰ ওলগ জনাই কয় যে বাপতিসাহোন বিহু এক কৃষিভিত্তিক উৎসৱ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সবল নেতৃত্বত ৰাজ্যখনৰ কৃষিখণ্ডত এক নৱজাগৰণৰ সৃষ্টি হৈছে৷ কৃষকসকলে উৎপাদন কৰা সামগ্রীৰ বাণিজ্যও বৃদ্ধি হৈছে৷ এই মেলাখনেও ভোগালীৰ বিভিন্ন ভোগৰ সামগ্রী বিক্রীৰ বাবে কৃষক তথা উদ্যমীসকলক এক বিশেষ সুযোগ দিছে৷ জাতি–জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি, প্রথা-পৰম্পৰা, ৰন্ধন প্রকৰণ আদি মেলাখনত প্রত্যক্ষ কৰি তেওঁ আপ্লুত হোৱা বুলি উল্লেখ কৰি মন্ত্রী বৰাই কয়– ‘মই এই মেলাখনলৈ ইয়াৰ আগতেও আহিছোঁ৷ ইয়ালৈ আহি মোৰ এইবাবেই ভাল লাগে যে ইয়াত অসমৰ থলুৱা অর্থনীতিৰ এক শক্তিশালী ৰূপ দেখিবলৈ পাওঁ৷ য’ত আমাৰ যুৱক–যুৱতীসকলৰ আত্মনির্ভৰশীলতাৰ উজ্জ্বল নিদর্শনো প্রত্যক্ষ কৰোঁ৷
গ্রামাঞ্চলৰ কৃষক ৰাইজে উৎপাদন কৰা লাড়ু, পিঠা আদিকে ধৰি ভোগালীৰ ভোগৰ বিভিন্ন সামগ্রী ক্রয়–বিক্রয়ৰ এখন বিশেষ মঞ্চ এই মেলাখনে প্রদান কৰিছে৷’ মেলাখন অনুষ্ঠিত কৰাৰ বাবে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডক তেওঁ কৃতজ্ঞতা জনায়৷ উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত এই মেলাখনত তিতাবৰৰ চাউল, দেৰগাঁৱৰ গুৰৰ পৰা আৰম্ভ কৰি সৰভোগৰ দৈলৈকে ভোগৰ সামগ্রীৰে উভৈনদী হৈ পৰিছে৷ বিভিন্ন ধৰণৰ চাউল, পিঠাপনা, লাড়ু, চিৰা, দৈ, ক্রীমৰ উপৰি শাক–পাচলি, হাঁহ–কুকুৰা আদিও উপলব্ধ হৈছে৷ বিগত বর্ষত মেলাখনত গ্রাহকৰ পৰা লাভ কৰা ব্যাপক সঁহাৰিৰ বাবেই এইবাৰো ৰাজ্যৰ ভিন্ন প্রান্তৰ থলুৱা উদ্যোগীসকলে তেওঁলোকৰ উৎপাদিত সামগ্রী বিক্রীৰ বাবে অহা বুলি প্রকাশ কৰিছে৷ মেলাৰ বাকৰিতে পিঠাগুৰি খুন্দি পিঠা প্রস্তুত কৰি বিক্রী কৰা কার্যই গ্রাহকৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিহুনৃত্যও প্রদর্শন কৰা হয়৷ ভোগালী মেলাখনৰ উদ্বোধনী অনুষ্ঠানত নর্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ছৈয়দ ৱাছবিৰ হুছেইন, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন, অসম প্রদেশ কৃষক মর্চাৰ উৎপল বৰা, উপ-সভাপতি ৰঞ্জিত ভট্টাচার্যকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সন্ধিয়াৰ ভাগত সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয়৷