নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ সুখবৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

🔹 ৰাজ্যৰ ৩৯ লাখ মহিলা হ’ব লাখপতি !

🔹 ১৮ জানুৱাৰীৰ পৰা প্ৰ-পত্ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰী : ৰাজ্যখনৰ গ্রামাঞ্চলৰ ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যলৈ সুখবৰ৷ আত্মসহায়ক গোটত থকা মহিলাসকলক ব্যক্তিগতভাৱে আর্থিক উপার্জনক্ষম কৰি তোলাৰ বাবে মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্রথম পর্যায়ত ১০ হাজাৰ টকাকৈ চৰকাৰৰ তৰফৰ পৰা প্রদান কৰিব৷ আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মসহায়ক গোটত থকা মহিলাসকলক লাখপতি বনাবলৈ দিয়া নির্দেশৰ আধাৰতে অসম চৰকাৰে এই আঁচনি গ্রহণ কৰিছে৷ ইতিমধ্যে অসমৰ আত্মসহায়ক গোটত থকা সাত লাখ মহিলাই ব্যক্তিগতভাৱে লাখপতি হ’বলৈ সক্ষম হৈছে৷ তেওঁলোকে বছৰি লাখ টকা উপার্জন কৰে৷ তেওঁলোকক চৰকাৰে লাখপতি বাইদেউ নাম দিছে৷ এতিয়া চৰকাৰে আত্মসহায়ক গোটত থকা সকলো মহিলাকে লাখপতি বাইদেউ হিচাপে প্রতিষ্ঠা কৰিবলৈ এই আঁচনিখন হাতত লৈছে৷ চৰকাৰে প্রথম পর্যায়ত প্রদান কৰিবলগীয়া ১০ হাজাৰ টকা তেওঁলোকে ব্যক্তিগত পর্যায়ত বিভিন্ন ব্যৱসায়–বাণিজ্য কৰি উপার্জন কৰাৰ উপৰি আত্মসহায়ক গোটটোত সকলোৱে বিনিয়োগ কৰিবও পাৰিব৷ মাইক্র’ফাইনেন্সৰ ঋণ ৰেহাইৰ পিছত অসম চৰকাৰে মহিলাসকলক আর্থিকভাৱে সবল কৰাৰ বাবেই এই পদক্ষেপ লৈছে৷ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে সহায় কৰাৰ ক্ষেত্রত অসমেই হৈছে দেশৰ ভিতৰত একমাত্র ৰাজ্য৷ ব্যৱসায়–বাণিজ্য কৰাৰ বাবে চৰকাৰে আগবঢ়োৱা ১০হাজাৰ টকা লাভ কৰাৰ বাবে প্রতিগৰাকী সদস্যই নির্দিষ্ট প্র–পত্র পূৰণ কৰি আবেদন কৰিব লাগিব৷ অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত এই প্র–পত্রসমূহ স্থানীয় পঞ্চায়তৰ জৰিয়তে লাভ কৰিব৷ এখন জিলাত এটা নির্দিষ্ট দিনতেই এই প্র–পত্র বিতৰণ কৰা হ’ব৷ এই প্র–পত্র বিতৰণক লৈ যাতে কোনো দুর্নীতিৰ বজাৰ সৃষ্টি নহয়, তাৰ বাবেই পঞ্চায়ত পর্যায়ত এটা দিনতেই বিতৰণ কৰা হ’ব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাধাৰণ শ্রেণী আৰু অ’বিচিৰ ক্ষেত্রত তিনিটাতকৈ অধিক সন্তান নথকা মহিলাইহে আবেদন কৰিব পাৰিব৷ অৱশ্যে অ’বিচিৰ মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্রত চাৰিটা সন্তান পর্যন্ত ৰেহাই পাব৷ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ক্ষেত্রত চাৰিটা সন্তান থাকিলেও হিতাধিকাৰী হিচাপে নির্বাচিত হ’ব৷ তদুপৰি এই আঁচনিৰ হিতাধিকাৰী নির্বাচনৰ ক্ষেত্রত সামাজিক ন্যায়ৰ ৰূপ এটাও দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ প্র–পত্র পূৰণৰ সময়ত সদস্যগৰাকীয়ে তেওঁলোকৰ কন্যা সন্তানক বিদ্যালয়ত নামভর্তি কৰোৱাৰ লগতে ইতিমধ্যে তেওঁলোকে ৰোপণ কৰা অমৃত বৃক্ষ দুজোপা বাছি থকাটোও নিশ্চিত কৰিব লাগিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে ৩৯ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ ভিতৰত ৩৫ লাখ মহিলাই সকলো চর্ত পূৰণ কৰি হিতাধিকাৰী হ’বলৈ সক্ষম হ’ব। প্রথম পর্যায়ত এই আঁচনিখনত ব্যয় হ’ব ৩৫০০ কোটি টকা৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দ্বিতীয় পর্যায়ত এইসকল হিতাধিকাৰীক চৰকাৰে বেংকৰ পৰা ১২,৫০০ টকা ঋণ হিচাপে লৈ দিব আৰু চৰকাৰৰ তৰফৰ পৰা ১২,৫০০ টকা মুঠ ২৫ হাজাৰ টকা প্রদান কৰিব৷ অৱশ্যে দ্বিতীয় পর্যায়ত ২৫ হাজাৰ টকা প্রদান কৰাৰ ক্ষেত্রত তেওঁলোকে প্রথম পর্যায়ত প্রদান কৰা ধন সঠিকভাৱে ব্যৱহাৰ কৰিছে নে নাই, সেয়া চোৱাচিতা কৰিহে দ্বিতীয় পর্যায়ৰ ধন মোকলাই দিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই আঁচনিৰ হিতাধিকাৰী হ’বলৈ প্র–পত্র পূৰণ কৰিবলগীয়াসকলৰ বাবে চৰকাৰে ইতিমধ্যে ১৪৫টা ব্যৱসায়ৰ পৰিকল্পনা প্রস্তুত কৰিছে৷ প্র–পত্র বিতৰণৰ পিছত মহিলাসকলক সেই বিষয়ে অৱগত কৰিবলৈ কর্মশালা আদি অনুষ্ঠিত কৰা হ’ব৷ যাতে মহিলাসকলে সঠিকভাৱে প্র–পত্র পূৰণ কৰি আবেদন কৰিব পাৰে৷

You might also like