নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ ১০,৭৩,৪৭৯ পৰিয়ালক ৰেচন কার্ড : মুখ্যমন্ত্ৰী

🔹 ১৬–২৫ জানুৱাৰীৰ ভিতৰত সমষ্টিয়ে সমষ্টিয়ে মন্ত্রীয়ে বিতৰণ কৰিব ৰেচন কার্ড

🔹 অসমত জনসংখ্যা নিয়ন্ত্রণৰ দিশে আহিছে : ড০ শর্মা

ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰী : ৰাজ্যত নতুনকৈ ১০,৭৩,৪৭৯টা পৰিয়ালক ৰেচন কার্ড প্রদান কৰিব৷ অহা ১৬ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত মন্ত্রীসকলে বিভিন্ন সমষ্টিলৈ গৈ ৰাইজৰ মাজত এই ৰেচন কার্ডসমূহ বিতৰণ কৰিব৷ এই ৰেচন কার্ডক লৈ যাতে কোনো মধ্যভোগী সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে সমষ্টিয়ে সমষ্টিয়ে মন্ত্রীৰ জৰিয়তে কার্ডসমূহ বিতৰণৰ ব্যৱস্থা কৰিছে৷ এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি জনতা ভৱনস্থিত লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ চৰকাৰে বছৰি চাৰি লাখ টকালৈকে উপার্জন কৰা চৰকাৰী কর্মচাৰী, পেন্সনাৰকো ৰেচন কার্ড প্রদানৰ ব্যৱস্থা কৰিছে৷ এই ৰেচন কার্ডৰ জৰিয়তে প্রধানমন্ত্রীৰ উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰো উপলব্ধ হ’ব৷ এই গেছ চিলিণ্ডাৰৰ দাম সাধাৰণ বজাৰতকৈ ২০০ টকা কম৷ তদুপৰি এই ৰেচন কার্ডৰ জৰিয়তে পৰিয়ালৰ প্রতিজন সদস্যই ৫ কিলোগ্রামকৈ চাউল লাভ কৰাৰ লগতে প্রধানমন্ত্রী আৰু মুখ্যমন্ত্রীৰ আয়ুষ্মান যোজনাৰ অধীনত বছৰি ৫ লাখ টকাপর্যন্ত পৰিয়ালটোৱে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব৷ অহা ৩–৪ বছৰৰ পিছত ৰেচন কার্ড থকা প্রতিটো পৰিয়ালকে অৰুণোদয় প্রদান কৰিব৷ সেইদৰে মৃত্যু আৰু দুর্ঘটনাৰ বীমাৰো ব্যৱস্থা কৰিব৷ ইয়াৰ উপৰি যিসকল কৃষক পৰিয়াল তেওঁলোকক কৃষক সন্মান নিধি দিয়াৰো ব্যৱস্থা কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, অহা ২০২৪–২৫ বর্ষৰ ভিতৰত অসম চৰকাৰে গৰিব কল্যাণৰ দিশত এক ডাঙৰ পদক্ষেপ ল’ব বিচাৰিছে৷ ইপিনে, সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই অসমত জনসংখ্যা নিয়ন্ত্রণৰ দিশলৈ আহিছে বুলি উল্লেখ কৰি কয় যে এইবাৰ চৰকাৰে যি ১০,৭৩,৪৭৯ পৰিয়ালক ৰেচন কার্ড প্রদান কৰিবলৈ ওলাইছে, তাত মুঠ ব্যক্তিৰ সংখ্যা হৈছে ৪২,৮৫,৭৪৫গৰাকীহে৷ প্রথম অৱস্থাত জনসংখ্যা ৬০ লাখ মান হ’ব বুলি ভবা হৈছিল৷ কিন্তু উক্ত ১০ লাখ পৰিয়ালক ৰেচন কার্ড প্রদান কৰাৰ ক্ষেত্রত দেখা গৈছে পৰিয়ালৰ সংখ্যা ৪২ লাখতে সীমাবদ্ধ থাকে৷ তাৰ পৰাই স্পষ্ট হৈছে অসমত লাহে লাহে জনসংখ্যা নিয়ন্ত্রণলৈ আহিছে৷ কিয়নো, এই ৰেচন কার্ড প্রদান কৰা লোকসকলৰ মাজত মুছলমান সম্প্রদায়, চৰ অঞ্চলৰ লোকো আছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে বাল্য বিবাহ বন্ধ, বহু বিবাহ বন্ধ, শিক্ষাৰ প্রসাৰতা আদিৰ বাবেই ৰাজ্যখনত জনসংখ্যা এতিয়া নিয়ন্ত্রণলৈ আহিবলৈ ধৰিছে৷

You might also like