🔹 নিউ লুক একাডেমীৰ ব্যতিক্ৰমী প্ৰয়াস
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : নতুন চিন্তা, নতুন উদ্যমেৰে আধুনিক শিক্ষাৰ সমান্তৰালকৈ সমাজ ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থাৰ লগতে সাহিত্য-সংস্কৃতিৰ দিশটোৰ প্ৰতিও অধিক গুৰুত্ব প্ৰদান কৰি অহা শিৱসাগৰ নিউ লুক একাডেমী নামৰ শিক্ষানুষ্ঠানখনে সকলোৰে মাজত উৎসুকতা বিৰাজ কৰি থকা দেশৰ ন্যায়িক ব্যৱস্থা কেনেদৰে পৰিচালিত হয়, সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰোৱাৰ বাবে ল’লে এক ব্যতিক্ৰমী পদক্ষেপ ৷ যাৰ বাবে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই আজি শিৱসাগৰ জিলা সত্ৰ ন্যায়াধীশৰ অনুমতিসাপেক্ষে শিৱসাগৰৰ নিউ লুক একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় চল্লিশজনীয়া এটা দলে আদালতৰ কাম-কাজ স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিলে ৷ বিদ্যালয়খনৰ শিক্ষক শুভাশিস বৰঠাকুৰ আৰু মামণি গগৈৰ তত্ত্বাৱধানত শিৱসাগৰৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত (ফাষ্ট ট্ৰেক), জিলা আৰু ছেছন ন্যায়াধীশৰ আদালত আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ কাম-কাজ দৰ্শন কৰে। আদালতত উপস্থিত থাকি আদালত কেনেদৰে পৰিচালনা হয়, ন্যায়াধীশ ক’ত বহে, বিষয়া-কৰ্মচাৰীসকলে কিদৰে নিয়াৰিকৈ কাম-কাজ কৰে, ন্যায় প্ৰতিষ্ঠাৰ বাবে অধিবক্তাসকলে কেনেদৰে যুক্তি-তৰ্ক কৰে, এই সকলোৰে প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰি ছাত্ৰ-ছাত্ৰীসকল অভিভূত হৈ পৰে ৷ আইন সেৱা প্ৰাধিকৰণে কেনেদৰে অসহায়- দৰিদ্ৰজনক বিনামূলীয়াকৈ ন্যায় প্ৰাপ্তিত সহায় কৰে, সেই বিষয়ে প্ৰাধিকৰণৰ জিলা সচিব সাগৰিকা বৰপূজাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক সবিশেষ বুজাই দিয়ে ৷ তদুপৰি, দুগৰাকী অধিষ্ঠাতা বিষয়া ক্ৰমে মৃদুল কুমাৰ শইকীয়া আৰু লোহিত কুমাৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক আদালতৰ কাৰ্য প্ৰক্ৰিয়া, নীতি-নিয়ম আদিৰ বিষয়ে সবিশেষ জানিবলৈ দিয়ে ৷ তদুপৰি আটাইকেইগৰাকী বিষয়াই আদালতৰ কাম-কাজৰ প্ৰত্যক্ষ দৰ্শনৰ অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰাৰ লগতে আইন বিষয়ৰ অধ্যয়ন সম্পৰ্কতো শিক্ষাৰ্থীসকলক আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে ৷ স্মৰ্তব্য যে ছাত্ৰ-ছাত্ৰীসকলক আদালত দৰ্শনৰ সুযোগ প্ৰদানেৰে কণ কণ শিক্ষাৰ্থীসকলক সৰ্বাধিক চৰ্চিত অথচ অজান বিষয়ৰ প্ৰতি সম্যক জ্ঞান অৰ্জনৰ বাবে জিলা সত্ৰ ন্যায়াধীশে গ্ৰহণ কৰা পদক্ষেপত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান