নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উঃ প্রদেশত জীৱিত কালতে নিজৰ শ্রাদ্ধৰ আয়োজন

🔹 সাত শতাধিক লোকক আপ্পায়ন ৭০ বছৰীয়া বৃদ্ধৰ

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : জীৱিত অৱস্থাতে নিজৰ শ্রাদ্ধ পাতিলে৷ কার্ড ছপাই আমন্ত্রণ কৰিলে সাত শতাধিক লোকক৷ ধুমধামেৰে মাছ–মঙহেৰে আমন্ত্রিত লোকসকলক আপ্পায়ন কৰাৰ দুদিন পিছতে মৃত্যু হ’ল ৭০ বছৰীয়া বৃদ্ধৰ৷ উত্তৰ প্রদেশৰ ইটৱাহৰ ঘটনা এয়া৷ মৃত্যু হোৱা লোকগৰাকীৰ নাম হাকিম সিং যাদৱ৷ ইটৱাহৰ ছাকিট অঞ্চলৰ মুঞ্চি নগৰত বাস কৰিছিল হাকিম সিং যাদৱে৷ যাদৱৰ কোনো সন্তান নাছিল৷ আত্মীয়–স্বজনৰ ওপৰত ভৰসাও নাছিল যাদৱৰ৷ সেই কাৰণে নিজৰ শ্রাদ্ধ জীৱিত অৱস্থাত নিজেই পাতি ওচৰ চুবুৰীয়াক এসাঁজ খুৱাই থৈ গ’ল যাদৱে৷ আঢ়ৈ কঠা মাটি বিক্রী কৰি নিজৰ শ্রাদ্ধৰ খৰচ উলিয়াইছিল যাদৱে৷ পিণ্ডদান কৰাৰ পিছত সাত শতাধিক লোকক আপ্পায়ন কৰে ৭০ বছৰীয়া এই লোকগৰাকীয়ে৷ আনকি ব্রাহ্মণসকলক মাতিও ভোজন দিয়ে যাদৱে৷ ১৩দিনীয়া সকামত যজ্ঞও আয়োজন কৰিছিল এই লোকগৰাকীয়ে৷

You might also like