অযোধ্যাতকৈও ওখ ৰাম মন্দিৰ নির্মাণ হ’ব পার্থত
🔹 ১৫০ একৰ ভূমিত ৬০০ কোটি টকাৰে বিশাল প্রস্তুতি ‘শ্রীৰাম বৈদিক ট্রাষ্ট’ৰ
বিশেষ বাৰ্তা, ২০ জানুৱাৰী : আগন্তুক ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ শুভ উদ্বোধন হ’ব৷ কিন্তু অযোধ্যাৰ এই ৰাম মন্দিৰতকৈও বিশাল ৰাম মন্দিৰ এটা নির্মাণৰ প্রস্তুতি চলিছে অষ্ট্রেলিয়াত ৷ বিশ্বৰ উচ্চতম ৰাম মন্দিৰটো নির্মাণ কৰা হ’ব অষ্ট্রেলিয়াৰ পার্থত৷ ৭২১ ফুট ওখ হ’ব এই মন্দিৰটো৷ ১৫০ একৰ ভূমিত নির্মাণ কৰা হ’ব মন্দিৰটো৷ এই ৰাম মন্দিৰ নির্মাণত খৰচ হ’ব ভাৰতীয় মুদ্রাৰ হিচাপত ৬০০ কোটি টকা৷ শ্রীৰাম বৈদিক এণ্ড কালচাৰেল ট্রাষ্টৰ উদ্যোগত নির্মাণ হ’ব এই মন্দিৰ৷ অৱশ্যে অকল মন্দিৰেই নহয়, ১৫০ একৰ ভূমিত এক হাব গঢ়ি তোলাৰ পৰিকল্পনা লৈছে কর্তৃপক্ষই৷ হোটেল, ৰেস্তোৰাঁ আদিৰ ব্যৱস্থা থাকিব মন্দিৰ চৌহদত৷ আনকি ৰামায়ণৰ কাহিনীৰ অনুকৰণত চিত্রকূট বটিকা, পঞ্চৱতী বটিকাৰ উদ্যানো গঢ়ি তোলা হ’ব৷ মন্দিৰ চৌহদত থাকিব ৰাম নিৱাস হোটেল৷ ৰামায়ণ সদন গ্রন্থাগাৰ আৰু তুলসীদাস হল নির্মাণ কৰা হ’ব মন্দিৰ চৌহদতেই৷ ৰামক লৈ গঢ়ি তোলা হ’ব বিশেষ যাদুঘৰ৷ প্রযুক্তিৰ গুৰুত্ব তুলি ধৰিবলৈ টেকন’লজী গার্ডেনো ৰখা হ’ব মন্দিৰ চৌহদত৷ লক্ষণীয়ভাৱে প্রতিদিনে মন্দিৰত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিব মন্দিৰ কর্তৃপক্ষই৷