নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : ২০১৪ বৰ্ষৰ এটি পুৰণি মাৰপিটৰ গোচৰৰ এজন অভিযুক্তক কৰায়ত্ত কৰি ওভতাৰ পথত ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বন্দিহানা আৰক্ষী চকীৰ এগৰাকী উপ-পৰিদৰ্শককে ধৰি মুঠ চাৰিজনীয়া আৰক্ষীৰ দল এটা ৰাইজৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। কালি সন্ধিয়া ঘটনাটো সংঘটিত হৈছে ফকিৰগঞ্জ আৰক্ষী থানাৰ অধীনস্থ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চিৰাখোৱা পঞ্চম খণ্ড গাঁৱত। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, চিৰাখোৱা পঞ্চম খণ্ড গাঁৱৰ আব্দুল লতিফৰ পুত্ৰ আলাউদ্দিনৰ বিৰুদ্ধে ২০১৪ চনতেই ফকিৰগঞ্জ আৰক্ষী থানাত কেইবাটাও ধাৰাত ৰুজু হৈ আছিল এটা গোচৰ। কালি সন্ধিয়া বন্দিহানা আৰক্ষী চকীৰ নুৰ মুহাম্মদ নামৰ উপ-পৰিদৰ্শকগৰাকীয়ে তিনিগৰাকী সহযোগীক লৈ গৈ আলাউদ্দিনক কৰায়ত্ত কৰিছিল। কিন্তু ওভতাৰ পথত একাংশ লোকে আৰক্ষীৰ সেই দলটোক আক্ৰমণ কৰি আলাউদ্দিনক বলপূৰ্বক উলিয়াই লৈ যায়। জানিব পৰা মতে, ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ইতিমধ্যে কালিৰ মাৰপিটৰ ঘটনাত জড়িত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে।