নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ বাৰপূজীয়া অধিৱেশনৰ প্ৰস্তুতি

🔹 মূল তোৰণসহ ৩০খন তোৰণৰ চলিছে কাম

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী : অহা ৩১ জানুৱাৰী, ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত ৰহাৰ বাৰপূজীয়াত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক বিশেষ অধিৱেশন। অধিৱেশনক লৈ ব্যস্ত হৈ পৰিছে বাৰপূজীয়াবাসী । বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনক লৈ এতিয়া চলিছে পূৰ্ণ প্ৰস্তুতি। আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী আৰু কাৰ্যকৰী সভাপতি ডাঃ বিৰিঞ্চি কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে একেলগে দহ হাজাৰ লোক বহিব পৰাকৈ নিৰ্মাণ কৰা হৈছে মূল সভা মণ্ডপ। তিনি‌ হাজাৰ লোকে আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতিনিধি সভাৰ বাবে ভোজনালয় গৃহ নিৰ্মাণ কৰা হৈছে । মূল তোৰণত অসমৰ বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতিৰ পয়োভৰেৰে নিৰ্মাণ কৰা হৈছে। মূল তোৰণৰ লগতে অন্যান্য ৩০খন তোৰণ নিৰ্মাণৰ কাম চলিছে বুলি তোৰণ নিৰ্মাণ উপ-সমিতিৰ শিল্পী মুকেশ শইকীয়াই জানিবলৈ দিছে । অধিৱেশনৰ পশ্চিম দিশত হ’ব বাণিজ্য মেলা। এই বাণিজ্য মেলাত ৮০০খন বিপণী আৰু গ্ৰন্থ মেলাত ৪০০ বিপণী থাকিব বুলি আদৰণী সমিতিৰ সভাপতিয়ে জানিবলৈ দিছে । এক যুদ্ধকালীন তৎপৰতাৰে অধিৱেশনৰ ৩৪খন উপ-সমিতিয়ে কাম কৰিছে আৰু ৩১ জানুৱাৰীৰ পুৱা সকলো সাজু হৈ উঠিব বুলি সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকাই জানিবলৈ দিছে। এতিয়ালৈকে অধিৱেশনৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ হোৱা নাই, দুই-এদিনতে প্ৰকাশ হ’ব বুলিও জানিবলৈ দিছে ।বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আহ্বানত অসম সাহিত্য সভাই আহ্বান কৰা সাহিত্য সভাক সফল কৰি তুলিবলৈ আদৰণী সমিতিৰ লগতে স্থানীয় ৰাইজ ব্যস্ত হৈ পৰিছে ।

প্ৰেৰক মানস নাথ

You might also like