নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীৰ অভাৱ : নগৰবেৰাত বেলচা লৈ খান্দিছে নৈৰ বুকু

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ হাতে-হাতে বেলচা লৈ খান্দিছে নৈৰ বুকু, পানীৰ অভাৱত দুখীয়া কৃষকৰ হাহাকাৰ। উপায়বিহীন কৃষক গঞাই সিদ্ধান্ত লয় নৈৰ বুকু খনন কৰি পানী যোগান দিব খেতিপথাৰত, সেয়ে টঙালি বান্ধিছে নৈ খান্দিবলৈ। পূৱ গোৱালপাৰাৰ বহতী গাঁৱত ৰাইজে মৰুময় নৈৰ বুকুত, হাতে-হাতে বেলচা লৈ চলাইছে খনন কাৰ্য। নৈৰ বালি খান্দি পানী উলিয়াব আৰু সেই পানী নিব পথাৰলৈ, কিয়নো পথাৰবোৰ পানীৰ অভাৱত শুকাই ফাঁট মেলিছে। গাঁওখনত নৈৰ পাৰত এটা জলসিঞ্চন প্ৰকল্প আছে যদিও জলসিঞ্চন প্ৰকল্পও এতিয়া নৈৰ বালিত পোত গৈছে, আনকি মেচিনবোৰ থকা নাও পৰ্যন্ত পৰি আছে বালিৰ মাজত।উপায়বিহীন কৃষক গঞাই সিদ্ধান্ত ল’লে জলসিঞ্চন প্ৰকল্পটোৰ নাৱৰ তলেদি খান্দি পানী উলিয়াব আৰু সেই পানী নিব পথাৰলৈ। সেইমৰ্মে গাঁৱৰ সকলো ওলাই আহি হাতে-হাতে বেলচা লৈ নামি পৰে বালি খননত, ইতিমধ্যে পানীৰ সন্ধানো পাবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰে সকলো। আনহাতে খন্দা বালিবোৰ ট্ৰেক্টৰেৰে গাঁৱৰ বিধ্বস্ত পথৰ খালবোৰত দিয়াৰো সিদ্ধান্ত লয় গঞাই। ৰজাঘৰীয়ালৈ বাট নাচাই “আপোন হাত জগন্নাথ” বিবেচনাৰে বহতী গাঁৱৰ ৰাইজে লয় এই ব্যতিক্ৰমী পন্থা, ৰাইজৰ এনে বেলচা মাৰি নৈ খননৰ সিদ্ধান্তক লৈ সৰৱ চৰ্চাও চলিছে সৰ্বত্ৰ। প্ৰশ্ন হয় আগলৈ অকামিলা হৈ থকা বহতী জলসিঞ্চন প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিবনে কৃষক গয়াৰ সুবিধা হোৱাকৈ?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like