নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহালীৰ চয়নিকা ভৰদ্বাজক গণৰাজ্য দিৱসত বঁটা প্ৰদান ৰাজ্যপালৰ

বিশেষ বার্তা, ২৮ জানুৱাৰী : বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰী চয়নিকা ভৰদ্বাজক মহাবিদ্যালয়ৰ এন এছ এছ গোটত দেখুওৱা কৰ্ম দক্ষতাৰ বাবে অসম চৰকাৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকাৰ বিশেষ বঁটাৰে সন্মানিত কৰে। ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা দিছপুৰত মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত চয়নিকাক ৰাজ্য পাল গোলাপ চান্দ কাটাৰিয়াৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে। চয়নিকাই স্নাতক মহাবিদ্যালয়ৰ ড. বিনোদ সুবেদীৰ তত্বাৱধানত বিহালী বৰগাং অঞ্চলৰ গাঁও সমুহত অনুষ্ঠিত বিভিন্ন শিবিৰ সমূহত এন এন এছ এছ গোটত নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰি আহিছিল। উক্ত বঁটাৰে বিহালী মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই অনাত বিহালী স্নাতক মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ছাত্ৰ একতা সভাই ছাত্ৰী গৰাকীক শুভেচ্ছা জনোৱাৰ লগতে বিধায়ক ৰঞ্জিত দত্ত আৰু বিহালীবাসী ৰাইজেও ছাত্ৰী গৰাকীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। চয়নিকা ভৰদ্বাজ বিহালী কাছমাৰীৰ অতুল চন্দ্ৰ শৰ্মা আৰু জুৰি শৰ্মাৰ কন্যা।

প্ৰেৰক অমিতাভ বৰুৱা

You might also like