২৬ মাৰ্চত অসমৰ ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ ২৬ মাৰ্চত অসমৰ পৰা খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন । মুঠ তিনিখন আসনৰ বাবে হ’ব এই নিৰ্বাচন ।
উল্লেখ্য যে অসমৰ পৰা খালী হ’ব ৩ খনকৈ আসন । দুখন আসনৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে ২ কংগ্ৰেছী সদস্যই । ইয়াৰ ভিতৰত কংগ্ৰেছৰ পৰা ভূৱনেশ্বৰ কলিতা, সঞ্জয় সিঙে কৰিছিল পদত্যাগ ।
আনহাতে তৃতীয়খন আসনত বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকাল শেষ হ’ব । যাৰ বাবে ২৬ মাৰ্চত খালী হ’বলগীয়া এই তিনিওখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।