নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্ঞানবাপী মছজিদত পূজা কৰিব পাৰিব হিন্দুপক্ষই

🔹 বাৰাণসী জিলা আদালতৰ ৰায়

বিশেষ বাৰ্তা, ১ ফেব্ৰুৱাৰী : শেহতীয়াকৈ বাৰাণসীৰ জ্ঞানবাপী মছজিদত পুৰাতত্ত্ব বিভাগৰ ‘বৈজ্ঞানিক সমীক্ষা’ৰ প্রতিবেদন প্রকাশ পোৱাৰ পিছতে হিন্দুপক্ষই সেই মছজিদ মুছলমানসকলে ওভতাই দিব লাগি বুলি দাবী জনাই আহিছে৷ এই দাবীৰ মাজতে জ্ঞানবাপী মছজিদত পূজা–আৰাধনাৰ অনুমতি লাভ কৰিলে হিন্দুপক্ষই৷ কালি মছজিদৰ ছীল কৰা বেছমেণ্ট বা ‘ব্যাস কা তেয়খানা’ চৌহদত দেৱতাৰ উপাসনাৰ অনুমতি দিলে বাৰাণসীৰ আদালতে৷ শুনানিৰ আৰম্ভণিতে জিলা প্রশাসনক ভক্তসকলৰ পূজাৰ বাবে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰাৰো নির্দেশ দিলে বিচাৰকে৷ শ্রীকাশী বিশ্বনাথ মন্দিৰ ন্যাসক ইয়াৰ বাবে এগৰাকী পূজাৰীক মনোনীত কৰিবলৈও নির্দেশ দিয়া হৈছে৷ বাৰাণসী আদালতৰ নির্দেশক লৈ হিন্দুপক্ষৰ মাজত সৃষ্টি হৈছে উৎসৱৰ আনন্দ৷ হিন্দুপক্ষৰ আইনজীৱী বিষ্ণুশংকৰ জৈনে ছীল কৰা বেছমেণ্ট চৌহদত ভক্তসকলক উপাসনাৰ অনুমতি আদালতে দিয়া বুলি ঘোষণা কৰাৰ উপৰি এসপ্তাহৰ ভিতৰতে এই সন্দর্ভত জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিব লাগিব বুলিও উল্লেখ কৰে৷ এতিয়াৰে পৰা অকলেই পূজা কৰাৰ অধিকাৰ লাভ কৰিলে৷ বিষ্ণুশংকৰে এই নির্দেশৰ সৈতে ১৯৮৩ চনত ৰাম মন্দিৰৰ দুৱাৰ খোলাৰ আদালতে নির্দেশ দিয়া বিষয়টোৰ তুলনা কৰে৷ স্মর্তব্য যে পুৰাতত্ত্ব বিভাগৰ প্রতিবেদনত জ্ঞানবাপী মছজিদৰ অভ্যন্তৰত হনুমান, বিষ্ণু আৰু নন্দীৰ মূর্তি থকা বুলি ঘোষণা কৰা হৈছে৷ ইয়াৰ উপৰি মধ্যযুগীয় দেৱ–দেৱীৰ মূর্তি তথা ভাস্কর্য থকা বুলি দাবী কৰা হৈছে প্রতিবেদনত৷ ইয়াৰ পিছতে জ্ঞানবাপী হিন্দুপক্ষক ওভতাই দিয়াৰ দাবী উত্থাপন হৈছে৷ এই দাবীৰ মাজত কালি বাৰাণসীৰ জিলা আদালতে দিয়া ৰায়ে হিন্দুপক্ষক পূজা–অর্চনা আগবঢ়োৱাৰ ক্ষেত্রত বিশেষ সুযোগ আনি দিলে৷

You might also like