নিয়মীয়া বাৰ্তা ডিজিটেল, ১ ফেব্ৰুৱাৰীঃ আজি ৰাজ্যৰ শ্ৰমিক-কর্মচাৰী, শিক্ষক-বিষয়াসকলে পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ দাবীত কর্মবিৰতি পালন কৰে। এক প্ৰেছ বিবৃতিযোগে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদকপ্রধান দিলীপ কলিতাই এই কথা জনাইছে। বিবৃতিটোত নেতাদ্বয়ে কয় যে ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যত নতুন পেন্সন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। এই আঁচনিখনে সুদীর্ঘ দিন ৰাইজৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীসকলক আৰ্থিক দুৰৱস্থালৈ ঠেলি দিছে বুলি অভিযোগ কৰে। নতুন পেন্সন ব্যৱস্থাই ৰাজ্যখনৰ অৱসৰপ্ৰাপ্ত শ্রমিক-কর্মচাৰী, শিক্ষক-বিষয়াক বৃদ্ধাৱস্থাত আর্থিকভাৱে সুৰক্ষিত কৰিব পৰা নাই। ৰাজ্যৰ মন্ত্রী-বিধায়ক-সাংসদসকলে যেনেদৰে পুৰণি পেন্সন ব্যৱস্থা গ্রহণ কৰি আছে তেনেদৰে ৰাজ্যখনৰ শ্রমিক- কৰ্মচাৰী, শিক্ষক-বিষয়াসকলক পুৰণি পেন্সন ব্যৱস্থা দিব লাগে। বিবৃতিটোত পৰিষদৰ নেতাদ্বয়ে, পৰিষদৰ অন্তৰ্গত ৫২খন জিলা সমিতি আৰু ৰাজ্যখনৰ সমূহ শিক্ষক-বিষয়া, শ্রমিক-কর্মচাৰী সংগঠনে কর্মবিৰতি পালন কৰি প্ৰতিবাদী কাৰ্যসূচী সফল কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকে কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যাটো ৰাজ্য চৰকাৰক শীঘ্রে সমাধান কৰিবলৈ দাবী জনায়। লগতে প্রয়োজনত সমাগত দিনত পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল দাবীত তীব্র আন্দোলন গঢ়ি তোলা হ’ব।