নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪০০০ বাহন লৈ প্ৰধানমন্ত্ৰী মোদীৰ সভালৈ জনতা : সাজু মহানগৰ যান-বাহন আৰক্ষী

বিশেষ বাৰ্তা, ৩ ফেব্ৰুৱাৰী : আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক লৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ প্ৰশাসনে। প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ৰাজহুৱা সভাখনত প্ৰায় ২ লাখ লোকৰ সমাগম হ’ব বুলি জানিব পৰা গৈছে। ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে লোকসকলে প্ৰায় ৪ হাজাৰতকৈ অধিক বাহন লৈ খানাপাৰাত উপস্থিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত যান-জঁট নিয়ন্ত্ৰণ আৰু Parkingৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে। মুঠ ৩৭টা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত। ইয়াৰ ভিতৰত উজনি অসমৰ পৰা অহা জনসাধাৰণৰ বাবে ১২টা স্থানত Parkingৰ ব্যৱস্থা কৰা হৈছে। নামনি অসমৰ পৰা অহা জনতাৰ বাবে ১৬টা স্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। উজনি অসমৰ যাত্ৰীসকলৰ বাবে হেলথ চিটী হাস্পতালৰ সন্মুখত ড্ৰপিং পইণ্ট আৰু নামনি অসমৰ বাবে ত্ৰিপুৰা গলি, বালুঘাট-জয়ানগৰ ড্ৰপিং পইণ্ট নিৰ্ধাৰণ কৰা হৈছে।

You might also like