কেৰিয়াৰকেন্দ্রিক উৎসুকতা, সজাগতা আৰু সুবিশাল কর্মক্ষেত্র
🔹 জয়ন্ত মল্ল বৰুৱা
If you want to shine like a Sun, first burn like a Sun.
-A.P.J. Abdul Kalam
সাম্প্রতিক সময়ত কেৱল অসম বা ভাৰততেই নহয়, সমগ্র বিশ্বতে চর্চিত এটা বিশেষ বিষয় হৈছে কর্মসংস্থাপন৷ বিশেষকৈ বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰতবর্ষত উপযুক্ত কর্মসংস্থাপনৰ বিষয়টোৱে প্রায় সকলো সময়তে সর্বাধিক চর্চা লাভ কৰে৷ অসমৰ ক্ষেত্রতো প্রায় একেখিনি কথাই ক’ব পাৰি৷ অর্থাৎ আমাৰ দেশ ভাৰতবর্ষ অথবা ৰাজ্য অসমত নিবনুৱা যুৱক–যুৱতীৰ উপযুক্ত তথা মর্যাদাসূচক কর্মসংস্থাপনৰ বিষয়টোৱে সমাজ জীৱনক বিশেষভাৱে প্রভাৱিত কৰি আহিছে৷ আনকি নিবনুৱা যুৱক–যুৱতীৰ উপযুক্ত কর্মসংস্থাপনৰ অভাৱত দেশ তথা ৰাজ্যখনে সময়ে সময়ে একাধিক প্রবল আর্থ–সামাজিক, ৰাজনৈতিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বিশেষকৈ আমাৰ ৰাজ্য অসমৰ ক্ষেত্রত এই বিষয়টো অতি প্রাসংগিক হিচাপে চিহ্ণিত হৈছে৷ উপযুক্ত অর্হতাসম্পন্ন নিবনুৱা যুৱক–যুৱতীসকল নির্দিষ্ট সময়ত কর্মসংস্থাপিত নহ’লে ৰাজ্যখনে কি ভয়াৱহ–অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হয়, সেয়া বিগত চাৰি–পাঁচটা দশকৰ অসমৰ মানচিত্রখনত এবাৰ ভালকৈ চকু ফুৰাই চালে পৰিষ্কাৰ হৈ পৰে৷ উঠি অহা প্রজন্ম জাতিৰ মেৰুদণ্ডস্বৰূপ৷ এখন ৰাজ্য অর্থনৈতিক–সামাজিক–সাংস্কৃতিক-ক্ৰীড়া তথা ৰাজনৈতিক ইত্যাদি ক্ষেত্রত সুস্থ, ইতিবাচক আৰু প্রগতিৰ দিশত আগুৱাই যাবলৈ হ’লে যুৱক–যুৱতীসকল উপযুক্ত সময়ত সংস্থাপিত হ’বই লাগিব৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ প্রগতিৰ গতি স্তব্ধ হোৱাটো নিতান্তই স্বাভাৱিক৷ প্রগতি স্তব্ধ মানেই শান্তিৰ বাটো বন্ধ৷ সেইবাবে শান্তি আৰু প্রগতি এটা মুদ্রাৰ ইপিঠি–সিপিঠিৰ দৰে৷
উপযুক্ত অর্হতাসম্পন্ন নিবনুৱা যুৱক–যুৱতীৰ মর্যাদাসম্পন্ন কর্মসংস্থাপনৰ বিষয়টো উচ্চাৰিত হ’লেই সৌ সিদিনালৈকে বিশেষকৈ অসমত চৰকাৰী চাকৰিৰ বিষয়টোৱে সবাতোকৈ অধিক চর্চা লাভ কৰিছিল৷ অর্থাৎ নিবনুৱা যুৱক–যুৱতীৰ কর্মসংস্থাপন মানেই চৰকাৰী চাকৰিত নিযুক্তি৷ কিন্তু অপ্রিয় হ’লেও সত্য যে কেন্দ্রীয় অথবা ৰাজ্য চৰকাৰৰ অধীনস্থ বিভিন্ন মন্ত্রালয়–বিভাগৰ অধীনত বছৰি মাত্র নির্দিষ্টসংখ্যক পদত নিযুক্তিৰেই নিবনুৱা সমস্যাৰ কেতিয়াও বাস্তৱসন্মতভাৱে সমাধান সম্ভৱ নহয়৷ সমগ্র দেশৰ কথা বাদ দিলেও অসমৰ দৰে ৰাজ্যখনত প্রতিবছৰে লক্ষাধিক হাৰত কাৰিকৰী–কাৰিকৰী শিক্ষাগত অর্হতা থকা দক্ষতাসম্পন্ন(skilled) যুৱক–যুৱতী সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ পৰা উত্তীর্ণ হৈ ওলাই আহে৷ অর্থাৎ তেওঁলোক এক কথাত নিবনুৱা৷ এইক্ষেত্রত বিশেষ বা উপযুক্ত শিক্ষাগত অর্হতা নথকা বা বিশেষ কামত পাৰদর্শী নোহোৱা (unskilled) যুৱক–যুৱতীৰ পৰিসংখ্যাটোও বিচার্যৰ বিষয়৷ অর্থাৎ দক্ষতাসম্পন্ন (skilled) আৰু দক্ষতাবিহীন (unskilled) নিবনুৱাৰে ভৰি থকা অসমৰ দৰে ৰাজ্যখনৰ এই ভয়াৱহ সমস্যাটোৰ গঠনমূলক আৰু বাস্তৱসন্মত সমাধান কিদৰে সম্ভৱ সেয়া নিঃসন্দেহে গভীৰ বিশ্লেষণৰ বিষয়৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে পূর্বৰ চৰকাৰৰ কার্যকালত বিশেষকৈ কংগ্রেছৰ অপশাসনত অসম লোকসেৱা আয়োগকে ধৰি ৰাজ্যৰ বিভিন্ন বিভাগৰ নিযুক্তিৰ ক্ষেত্রত চাকৰিৰ এখন মুকলি বজাৰ বহিছিল৷ চাকৰিৰ এই মুকলি বজাৰখনত কেৱল ধনী শ্রেণী আৰু প্রভাৱশালী পৰিয়ালৰ সন্তানেহে নিযুক্তি লাভ কৰাটো সম্ভৱ হৈছিল৷ এইক্ষেত্রত মেধা বা যোগ্যতা হৈ পৰিছিল সম্পূর্ণ গৌণ৷ পৰম সৌভাগ্যৰ কথা এয়ে যে প্রায় তিনি বছৰ পূর্বে ৰাজ্যৰ শাসনলৈ অহা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰখনে সম্পূর্ণ স্বচ্ছ আৰু নিকাভাৱে এক লাখ চৰকাৰী নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ এতিয়া সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব যে দেশৰ অন্যতম গতিশীল, দক্ষ, ভৱিষ্যদ্রষ্টা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কার্যকালত প্রায় এক লাখ নিবনুৱা যুৱক–যুৱতীয়ে অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত একমাত্র মেধা আৰু উপযুক্ত যোগ্যতাৰ বলত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷ এইক্ষেত্রত চাকৰি লাভ কৰা হাজাৰ হাজাৰ দৰিদ্র পৰিয়ালৰ মেধাৱী যুৱক–যুৱতীসকলেই উপযুক্ত প্রমাণ৷
পূর্বে উল্লেখ কৰা হৈছে যে কেৱল চৰকাৰী চাকৰিৰ কর্মসংস্থাপনৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ নিবনুৱা সমস্যাৰ কেতিয়াও বাস্তৱসম্মতভাৱে সমাধান কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্রত নিবনুৱা যুৱক–যুৱতীৰ উপযুক্ত কর্মসংস্থাপনৰ অন্যতম বিশাল ক্ষেত্রখনেই হৈছে ব্যক্তিগত খণ্ড৷ কিন্তু এইক্ষেত্রত স্বাভাৱিকতে প্রশ্ণ উত্থাপন হ’ব যে অসম তথা দেশ–বিদেশৰ কোনটো ব্যক্তিগত খণ্ডৰ কোনটো পর্যায়ৰ পদত অসমৰ যুৱক–যুৱতীসকলে নিযুক্তি লাভ কৰিব? তদুপৰি এই নিযুক্তি লাভৰ প্রক্রিয়া কেনে ধৰণৰ? অর্থাৎ কোনটো পর্যায়েৰে গৈ কি ধৰণৰ প্রতিযোগিতামূলক পৰীক্ষা অথবা সাক্ষাৎকাৰৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ প্রতিষ্ঠানসমূহত আমাৰ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলে কর্মসংস্থাপন লাভ কৰিব পাৰিব? একেদৰে লোকসেৱা আয়োগকে ধৰি কেন্দ্রীয় অথবা ৰাজ্য চৰকাৰৰ চাকৰিৰ ক্ষেত্রতো কিদৰে নিজকে উপযুক্তভাৱে যোগ্য কৰি নিশ্চিতভাৱে সংস্থাপনৰ বাট মুকলি কৰি ল’ব পাৰি? এনেবোৰ দিশ সাম্প্রতিক সময়ত সবাতোকৈ গুৰুত্বপূর্ণ বিষয়৷ অর্থাৎ চৰকাৰী অথবা বেচৰকাৰী যিকোনো কর্মক্ষেত্রত নিজৰ দক্ষতা অনুসৰি সংস্থাপিত হ’বলৈ হ’লে ছাত্র জীৱনৰ পৰাই এক নির্দিষ্ট পদ্ধতিৰ মাজেৰে আগুৱাই যাব লাগিব৷ বিষয়বাছনি, পাঠ্যক্রম, নির্দিষ্ট প্রতিষ্ঠান, অধ্যয়নৰ খৰচ, নিয়োগৰ সম্ভাৱনীয়তা ইত্যাদি হৈছে ইয়াৰ বিভিন্ন শাখা–প্রশাখাস্বৰূপ৷ কার্যতঃ এই দিশবোৰকে সামৰি সৃষ্টি হৈছে শিক্ষার্থীৰ কেৰিয়াৰকেন্দ্রিক প্রক্রিয়া৷ আজিৰ দিনত এই দিশত শিক্ষার্থীয়ে শৈক্ষিক জীৱনৰ নির্দিষ্ট সময়ৰ পৰা সচেতনভাৱে আগুৱাই নগ’লে এটা সময়ত নিজৰ লগতে সমাজৰ বাবেও ক’ব নোৱৰা বোজাস্বৰূপ হৈ পৰে৷ এনেবোৰ দিশ গুৰুত্বসহকাৰে বিচাৰ–বিবেচনা কৰি আমাৰ অধীনত থকা অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ অধীনস্থ নিয়োগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকৰ সৌজন্যত যোৱা ২ ফেব্রুৱাৰীত গুৱাহাটীৰ নেডফি হাউছত এখন মেগা কেৰিয়াৰ কাউঞ্চেলিং প্রগ্রেম তথা কেৰিয়াৰ মেলা অনুষ্ঠিত কৰা হৈছিল৷
আৰম্ভণিতে এই কথা স্পষ্ট কৰি দিয়া ভাল যে এয়া আছিল কেৱল কেৰিয়াৰ ফেয়াৰহে, নিয়োগ মেলা নহয়৷ অর্থাৎ এই কেৰিয়াৰ ফেয়াৰলৈ আহিলে ছাত্র–ছাত্রী বা নিবনুৱা যুৱক–যুৱতীসকলে হাততে চাকৰিৰ নিযুক্তি পত্র লাভ নকৰে, ইয়াৰ সলনি ছাত্র–ছাত্রীক কেৰিয়াৰ সম্পর্কীয় অসম তথা দেশ–বিদেশৰ বিভিন্ন প্রতিষ্ঠানৰ উপযুক্ত তথা প্রকৃত তথ্য প্রদান কৰা হয়, যাৰ জৰিয়তে অনাগত দিনত সংশ্লিষ্ট ছাত্র–ছাত্রীয়ে এখন উপযুক্ত কর্মক্ষেত্রৰ বাবে নিজকে গঢ়ি তুলিব পাৰিব৷ তদুপৰি এই কেৰিয়াৰ মেলাৰ অন্যতম প্রাথমিক উদ্দেশ্য আছিল দেশৰ আগশাৰীৰ কাউঞ্চেলাৰৰ দ্বাৰা কাউঞ্চেলিং আৰু প্রেৰণাদায়ক বক্তব্য প্রদান৷ যাৰ জৰিয়তে ছাত্র–ছাত্রীসকল সংশ্লিষ্ট কেৰিয়াৰৰ প্রতি উদ্বুদ্ধ হ’ব পাৰে৷ নৱমৰ পৰা দ্বাদশ আৰু স্নাতক পর্যায়ৰ ছাত্র–ছাত্রীক সাঙুৰি লোৱা হৈছিল এই কেৰিয়াৰ মেলাত৷ ইয়াৰ জৰিয়তে সম্ভাব্য জীৱিকা আৰু সংস্থাপনৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ প্রয়াস কৰা হৈছিল৷ একেদৰে বিদ্যালয় পর্যায়ৰ পৰা ছাত্র–ছাত্রীয়ে সঠিক সময়ত সঠিক কেৰিয়াৰ বাছনি কৰাত সহায় কৰাৰ উপৰি ছাত্র–ছাত্রীয়ে আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ পৰিকল্পনা আৰু কৌশল প্রস্তুত কৰাত সহায় কৰাৰ দিশটোও এই কেৰিয়াৰ মেলাৰ আছিল আন এক গুৰুত্বপূর্ণ দিশ৷ একেদৰে স্বনির্ভৰশীল, ব্যৱসায় আৰু উদ্যমিতা আদিৰ ক্ষেত্রত উপলব্ধ সুযোগ–সুবিধা আৰু তথ্যৰ সৈতে পৰিচয় কৰি দিয়াৰ প্রয়াসো আছিল এই কেৰিয়াৰ মেলাৰ আন এক বিশেষ বৈশিষ্ট্য৷ সৌভাগ্যৰ বিষয় এয়ে যে যোৱা ২ ফেব্রুৱাৰীত নেডফি হাউছত অনুষ্ঠিত কেৰিয়াৰ মেলাত দেশৰ সর্বমুঠ ৩১টা প্রতিষ্ঠিত প্রতিষ্ঠানে যোগদান কৰিছিল৷ কেৰিয়াৰ মেলালৈ অহা ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ কেইবাসহস্র ভিন্ন পর্যায়ৰ ছাত্র–ছাত্রীয়ে সংশ্লিষ্ট প্রতিষ্ঠানসমূহে সময়ৰ সৈতে সংগতি ৰাখি প্রদান কৰা বিভিন্ন পাঠ্যক্রমৰ বিষয়ে অৱগত হৈছিল৷ একেদৰে সংশ্লিষ্ট প্রতিষ্ঠানসমূহত উপলব্ধ নতুন নতুন তথা অপৰম্পৰাগত পাঠ্যক্রমৰ বিষয়েও অংশগ্রহণকাৰী ছাত্র–ছাত্রীসকলে তথ্য আহৰণ কৰিবলৈ সুবিধা পাইছিল৷ এই কেৰিয়াৰ মেলাত অংশগ্রহণ কৰা ৩১টা প্রধান প্রতিষ্ঠান হৈছে– নেচনেল ইনষ্টিটিউট অৱ ডিজাইন, যোৰহাট ডিবিএইচআৰজিএফটিআই, কামৰূপ ফুডক্রাফ্ট ইনষ্টিটিউট, নগাঁও চিপেট, কামৰূপ লাভলী প্রফেছনেল ইউনিভার্ছিটী, পাঞ্জাব ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, গুৱাহাটী টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েঞ্চ, জালুকবাৰী নর্থ–ইষ্ট স্কিল চেণ্টাৰ, গুৱাহাটী লক্ষ্মীবাই ইনষ্টিটিউট অৱ ফিজিকেল এডুকেচন, সোণাপুৰ আছাম ষ্টার্টআপ, আই টি আই, অসম আই আই ই, গুৱাহাটী চণ্ডীগড় ইউনিভার্ছিটী, ৰবীন্দ্র নাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভূপাল ডনবস্ক’ ইউনিভার্ছিটী, গুৱাহাটী আছাম ইঞ্জিনীয়াৰিং ইনষ্টিটিউট, গুৱাহাটী নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজী, শ্বিলং ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেণ্ডলুম টেকন’লজী, গুৱাহাটী শ্রীমন্ত শংকৰদেৱ ইউনিভার্ছিটী অৱ হেল্থ ছায়েন্স, গুৱাহাটী চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়, জালুকবাৰী মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় এনৰিছ মাই কেৰিয়াৰ, বাংগালুৰু শিৱ নাদৰ বিশ্ববিদ্যালয়, উত্তৰ প্রদেশ দ্য জর্জ টেলিগ্রাফ ড্রেইনিং ইনষ্টিটিউট, গুৱাহাটী চেণ্টাৰ ফৰ এলএমএনটি ৰিছার্চ এণ্ড ড্রেইনিং, মহাৰাষ্ট্র এনআইইএলআইটি, গুৱাহাটী কম্প’জিট ৰিজি’নেল চেণ্টাৰ, ভঙাগড় অসম অভিযান্ত্রিক মহাবিদ্যালয়, জালুকবাৰী কে কে সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় মডেল কেৰিয়াৰ চেণ্টাৰ, গুৱাহাটী৷
গুৰুত্বপূর্ণ বিষয় এয়ে যে সাম্প্রতিক সময়ৰ ভাৰতবর্ষৰ অমৃতকালত ৰাষ্ট্রখনক বিশ্বগুৰু বনাবলৈ আমাৰ দেশৰ সন্মানীয় প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই আত্মনির্ভৰ ভাৰতবর্ষ গঢ়াৰ সংকল্প দোহাৰিছে৷ অর্থাৎ নিজৰ ভৰিৰ ওপৰত থিয় দি উপযুক্তভাৱে আৰু মর্যাদাসম্পন্ন ৰূপত নিজকে ভাৰতৰাষ্ট্রৰ এগৰাকী উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়াই৷ কার্যতঃ আত্মনির্ভৰ ভাৰতবর্ষ গঢ়াৰ এক বাস্তৱিক পদক্ষেপৰ অংশ হিচাপে আয়োজন কৰা হৈছিল এই কেৰিয়াৰ মেলা৷ য’ত ২০০খনতকৈও অধিক শিক্ষানুষ্ঠানৰ ৩০,০০০তকৈ অধিক ছাত্র–ছাত্রীয়ে অনলাইন–ভার্চুৱেলী তথা প্রত্যক্ষভাৱে অংশগ্রহণ কৰিছিল৷ ইয়াৰ সহায়ত শিক্ষার্থীসকলে চৰকাৰী তথা বেচৰকাৰী খণ্ডৰ তথাকথিত ‘ৰেডিমেড’ চাকৰি অবিহনে নিজকে স্বাৱলম্বী কৰি তুলিব পৰা কেৰিয়াৰ সম্পর্কীয় তথ্য লাভ কৰিছিল৷ অর্থাৎ এয়া আছিল কেৰিয়াৰ সম্পর্কীয় শিক্ষার্থীৰ তথ্য লাভৰ এখন উপযুক্ত কেৰিয়াৰ ফেয়াৰ৷ ই জব মেলা বা নিযুক্তি মেলা নহয়৷ উক্ত দিনা শিক্ষার্থীসকলৰ মনত কেৰিয়াৰ সম্পর্কীয় উৎসুকতা জগাই তোলাৰ বাবে আমন্ত্রণ কৰা হৈছিল দেশ তথা বিশ্বৰ এগৰাকী প্রসিদ্ধ কেৰিয়াৰ পৰামর্শদাতা তথা এনৰিছ মাই কেৰিয়াৰৰ প্রতিষ্ঠাপক–মুখ্য কার্যবাহী বিষয়া শ্রীনিশান্ত ছাৰাউগীক৷ সেইদিনা বিশ্বৰ অন্যতম খ্যাতিমান কেৰিয়াৰ পৰামর্শদাতা শ্রীনিশান্ত ছাৰাউগীৰ তথ্যসমৃদ্ধ বক্তব্য উপস্থাপনে হাজাৰ হাজাৰ শিক্ষার্থীক কেৰিয়াৰ সম্পর্কীয় পাঠ্যক্রমৰ প্রতি উদ্বুদ্ধ কৰিব পৰাটো আছিল স্বাভাৱিকতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মেগা কেৰিয়াৰ কাউঞ্চেলিং প্রগ্রাম তথা কেৰিয়াৰ মেলাৰ অন্যতম সাফল্য৷ কিন্তু এই কথা দোহাৰিব খুজিছোঁ যে মই এই বিভাগটোৰ দায়িত্ব লোৱাৰ পাছত বিগত সময়ছোৱাত নিয়োগ তথা কেৰিয়াৰ সম্পর্কীয় বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত আশানুৰূপ সফলতাও লাভ কৰা হৈছে৷ বিভাগটোৱে গ্রহণ কৰা এলানি ইতিবাচক কর্মসূচীৰ ভিতৰত নিঃসন্দেহে যোৱা ২ ফেব্রুৱাৰীৰ কেৰিয়াৰ মেলাখনো অন্যতম৷ অৱশ্যে আমি এই কথা পাহৰিলে নহ’ব যে চৰকাৰী বিভাগ বা সঞ্চালকালয় এটাই ছাত্র–ছাত্রীৰ বৃহত্তৰ স্বার্থৰ খাতিৰত এটা নির্দিষ্ট পৰিসীমালৈহে বাট দেখুৱাই দিব পাৰিব৷ ইয়াৰ প্রধান গুৰিব’ঠা ধৰি ভৱিষ্যতৰ বাটত আগুৱাই যাব লাগিব স্বয়ং শিক্ষার্থীসকল৷ সেইবাবে এই লেখাৰ আৰম্ভণিতে প্রাসংগিকভাৱে মনলৈ আহিছিল ‘মিছাইল মেন’ হিচাপে প্রখ্যাত, বিশ্বৰ অন্যতম প্রসিদ্ধ বিজ্ঞানী, আমাৰ ভাৰতবর্ষৰ ভূতপূর্ব ৰাষ্ট্রপতি এ পি জে আব্দুল কালামৰ এষাৰ সাৰগর্ভ কথা– আমি যদি সূর্যৰ দৰে জিলিকিব খোজোঁ তেন্তে প্রথমতে সূর্যৰ দৰে পুৰিবও লাগিব৷ অর্থাৎ আমি আমাৰ অধ্যৱসায়, কর্মসহিষ্ণুতা আৰু ত্যাগেৰেহে নিজৰ জীৱনত উজলি উঠিব পাৰিম৷ স্কুল–কলেজ–বিশ্ববিদ্যালয়ৰ নির্দিষ্ট পাঠ্যক্রম সমাপ্ত কৰি তথা ছাত্র জীৱনত বিশেষ পৰিকল্পনা অবিহনে শিক্ষা জীৱন সম্পূর্ণ কৰি অৱশেষত নিবনুৱা বুলি হা–হুমুনিয়াহ কাঢ়িলেই সমস্যাৰ সমাধান নহয়৷ সেইবাবে আজিৰ প্রতিযোগিতামূলক সমাজখনত নিজকে খাপ খুৱাই ল’বলৈ ছাত্র জীৱনৰ নির্দিষ্ট বয়সৰ পৰাই কেৰিয়াৰ সম্পর্কীয় দিশত অধিক মনোযোগ দিব লাগিব৷ এয়াই হৈছে সময়ৰ আহ্বান৷