নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ যান–বাহন আইন উলংঘা কৰা চালকৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰিছে জিলা পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীয়ে৷ গুৱাহাটী মহানগৰীৰ যান–জঁট নিয়ন্ত্রণৰ বাবে বিভাগীয় কর্তৃপক্ষই তৎপৰতা প্রদর্শন কৰি ধাৰাবাহিকভাৱে চলাইছে অভিযান৷ মহানগৰ আৰক্ষীৰ অভিযানৰ মাজতে চানমাৰিৰ গড়কাপ্ঢানী বিভাগৰ মুখ্য অভিযন্তাৰ কার্যালয়ৰ সন্মুখৰ ন’ পার্কিঙত বিলাসী বাহন ৰখাই জনপ্রতিনিধিয়ে বীৰত্ব প্রদর্শন কৰা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সদাব্যস্ত জিএনবি ৰোডত ন’ পার্কিঙত দীর্ঘ সময় ধৰি বিলাসী বাহনখন ৰখাই থোৱাত কর্তব্যৰত যান–বাহন শাখাৰ এগৰাকী আৰক্ষী কনিষ্টবলে আইন অনুসৰি এএছ–০১–বিভি– ০০০৫ নম্বৰৰ বাহনখনত হুইল ক্লেম লক লগাই দিয়ে৷ ইয়াৰ কিছুসময়ৰ পাছতে বাহনখনৰ আৰোহী তথা বিধায়ক তেৰছ গোৱালা আৰু সুৰেন ফুকন আহি কর্তব্যৰত যান–বাহন শাখাৰ আৰক্ষী কনিষ্টবলজনক দুর্ব্যৱহাৰ কৰি শাৰীৰিকভাৱে অপদস্থ কৰে৷ এই দৃশ্য দেখি স্থানীয় লোকসকলে বিধায়কৰ গাড়ীখন আগুৰি ধৰে৷ কিছুসময়ৰ পাছতে ঘটনাস্থলীত যান–বাহন শাখাৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ আৰক্ষীয়ে যান–বাহন আইন উলংঘা কৰাৰ অপৰাধত জৰিমণা বিহে৷ অৱশ্যে সমগ্র ঘটনাটোৰ বিষয়ে চানমাৰি থানাৰ যান–বাহন শাখাৰ আৰক্ষী আৰু বিধায়কৰ দুর্ব্যৱহাৰৰ সন্মুখীন হোৱা কনিষ্টবল বিষ্ণু বৰাই এইক্ষেত্রত মৌনতা অৱলম্বন কৰিছে৷ আইন উলংঘা কৰা বাহনখনৰ গৰাকী জয়ন্ত কুমাৰ দেউৰী বুলি জানিব পৰা গৈছে৷ স্থানীয় ৰাইজ আৰু প্রত্যক্ষদর্শীয়ে আৰক্ষী কনিষ্টবলগৰাকীৰ সাহস আৰু কর্তব্যৰ প্রতি থকা নিষ্ঠাক প্রশংসা কৰিছে৷