২৮ ফেব্রুৱাৰীৰ পৰা গুৱাহাটী ইণ্টাৰনেচনেল মিউজিক ফেষ্টিভেল
মহানগৰীক দক্ষিণ–পূব এছিয়াৰ সংগীত কেন্দ্র কৰাৰ লক্ষ্য
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ২৮ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে গুৱাহাটী ইণ্টাৰনেচনেল মিউজিক ফেষ্টিভেল অনুষ্ঠিত হ’ব৷ এই মিউজিক ফেষ্টিভেলত লাকি আলী, বেণী ডয়ালকে ধৰি ৬খন দেশৰ শিল্পীয়ে অংশগ্রহণ কৰিব৷ চতুর্থবাৰৰ বাবে অনুষ্ঠিত হ’বলগা এই মিউজিক ফেষ্টিভেলৰ লগত সংগতি ৰাখি ২৮ ফেব্রুৱাৰীত নেডফি হাউছত নর্থ–ইষ্ট ইণ্ডিয়া মিউজিক কনফাৰেন্স অনুষ্ঠিত হ’ব৷ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এক সংবাদ মেলত উদ্যোক্তা আয়ুষ্মান দত্তই এই কথা সদৰী কৰে৷ ২৯ ফেব্রুৱাৰীৰ পৰা দুদিনীয়া কার্যসূচীৰে গুৱাহাটীৰ শিল্পগ্রামত অনুষ্ঠিত হ’বলগীয়া মিউজিক ফেষ্টিভেলৰ প্রৱেশদ্বাৰ বিয়লি ৩ বজাৰ পৰা মুকলি কৰা হ’ব৷ গুৱাহাটীক দক্ষিণ–পূব এছিয়াৰ সংগীত কেন্দ্র কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই মিউজিক ফেষ্টিভেলত ৬খন দেশৰ ৫০০ অধিক শিল্পীয়ে অংশগ্রহণ কৰিব৷ মিউজিক ফেষ্টিভেলৰ লগত সংগতি ৰাখি ১ মার্চত গৃহিণীসকলৰ বাবে থলুৱা খাদ্য সম্ভাৰৰ প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছে৷ উক্ত প্রতিযোগিতাত যোগদান কৰিব বিচৰাসকলক ৮৬৩৮৭–১২৫৪৩ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে৷