নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত হাত থৈ ইচ্ছামৃত্যু সপত্নীক নেদাৰলেণ্ডৰ প্রাক্তন প্রধানমন্ত্রীৰ

🔹 প্রেমৰ অনন্য নিদর্শন ড্রায়াছ ভন এজেটৰ

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : সমগ্র জীৱন একেলগে থকাৰ পাছত মৃত্যুবৰণো কৰিলে একেলগে৷ হাতৰ ওপৰত হাত ৰাখি নেদাৰলেণ্ডৰ প্রাক্তন প্রধানমন্ত্রী ড্রায়াছ ভন এজেট আৰু তেওঁৰ পত্নীয়ে স্বেচ্ছাই মৃত্যুবৰণ কৰিলে৷ দুয়োৰে বয়স হৈছিল ৯৩ বছৰ৷ নেদাৰলেণ্ডৰ আইন মানি পৃথিৱীৰ পৰা কোনোদিনে উভতি নহাৰ জগতলৈ যাত্রা কৰিলে এই বৃদ্ধ দম্পতীয়ে৷ মানৱাধিকাৰ সংস্থা ‘দ্য ৰাইটছ ফ’ৰাম’–এ এই আশ্চর্যকৰ ঘটনাৰ কথা প্রকাশ কৰিছে যদিও ঘটনাটো ঘটিছে যোৱা ১২ ফেব্রুৱাৰীত৷ ১৯৭৭ৰ পৰা ১৯৮২ চনলৈ নেদাৰলেণ্ডৰ প্রধানমন্ত্রী আছিল এজেট৷ ৭০ বছৰতকৈ অধিক কাল দাম্পত্য জীৱন কটোৱা এজেট দম্পতীয়ে একেলগে শেষ নিশ্বাস ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল৷

You might also like