নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত–জাদেজাৰ শতকেৰে প্রথম ইনিংছত ভাৰতৰ ৪৪৫

বিশেষ বাৰ্তা, ১৬ ফেব্রুৱাৰী : অধিনায়ক ৰোহিত শর্মা আৰু অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাৰ চমকপ্রদ শতকৰ সহায়ত ৰাজকোট টেষ্টৰ প্রথম ইনিংছত ৪৪৫ ৰান কৰে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে ৰাজকোটত আৰম্ভ হোৱা তৃতীয় টেষ্টৰ প্রথম দিনাই ভাৰতে প্রথম ইনিংছত ৫টা উইকেট হেৰুৱাই ৩২৬ ৰান সংগ্রহ কৰে৷ দিনান্তত জাদেজাই ১১০ আৰু কুলদীপ যাদৱে ১ ৰান কৰি ক্রিজত থাকে৷ দ্বিতীয় দিনা ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ৪৪৫ ৰান কৰিবলৈ সক্ষম হয়। টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰা ভাৰতীয় দলটোৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল৷ দলীয় স্ক’ৰ ৩৩ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই শ’লঠেকত পৰিছিল ৰোহিত বাহিনী৷ অ’পেনাৰ যশপ্রীত জয়ছোৱালে ১০, শুমন গিলে ০ আৰু ৰজত পাটিদাৰে ৫ ৰান কৰি বিদায় লয়৷ অৱশ্যে টেষ্ট ক্রিকেটত কালি কেৰিয়াৰৰ একাদশ শতক অর্জন কৰা অধিনায়ক ৰোহিত শর্মাই ৰবীন্দ্র জাদেজাৰ সৈতে লগ লাগি দলটোক বিপর্যয়ৰ পৰা উদ্ধাৰ কৰে৷ দুয়োৱে চতুর্থ উইকেটত ২০৪ ৰান সংগ্রহ কৰি টীম ইণ্ডিয়াক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ অধিনায়ক ৰোহিতে ১৩১ ৰান কৰি বিদায় লয়৷ ৰোহিতৰ ১৯৬টা বলৰ ইনিংছটোত আছিল ১৪টা চাৰি আৰু তিনিটা ছয়৷ ইফালে, টেষ্ট কেৰিয়াৰত চতুর্থটো শতক অর্জন কৰা জাদেজাই নৱাগত ছৰফৰাজ খানৰ সৈতে লগ লাগি দলটোক সবল স্থিতিত উপনীত কৰায়৷ পঞ্চম উইকেটত দুয়োৰে মাজত ৭৭ ৰান সংগ্রহ হোৱাৰ সময়তে ছৰফৰাজে ৰানআউট হৈ বিদায় লয়৷ অভিষেক টেষ্টতেই অর্ধশতকীয় ইনিংছ খেলি চমক সৃষ্টি কৰে দীর্ঘদিন ধৰি উপেক্ষিত হৈ থকা ছৰফৰাজে৷ মাত্র ৪৮টা বলত অর্ধশতক অর্জন কৰা ছৰফৰাজে ৬২ ৰানৰ অৰিহণা আগবঢ়ায়৷ বেটাৰগৰাকীৰ ৬৬টা বলৰ ইনিংছটোত আছিল ৯টা বাউণ্ডেৰী আৰু এটা অভাৰ বাউণ্ডেৰী৷ ইফালে, জাদেজাই আজি ১১২ ৰান কৰি বিদায় লয়৷ অলৰাউণ্ডাৰগৰাকীৰ ২২৫টা বলৰ ইনিংছটোত আছিল ৯টা বাউণ্ডেৰী আৰু দুটা অভাৰ বাউণ্ডেৰী৷  ইফালে, ভাৰতীয় টেষ্ট ক্রিকেটত ছৰফৰাজৰ লগতে অভিষেক ঘটে প্রতিভাৱান উইকেটকীপাৰ বেটাৰ ধ্রুৱ জুৰেলৰ৷ টেষ্টখনৰ প্রথম ইনিংছত ইংলেণ্ডৰ সফল বলাৰ ৰূপে পৰিগণিত হয় মার্ক উড৷ উডে চাৰিটা উইকেট লাভ কৰে।

You might also like