নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছন বসুন্ধৰা ২.০ত দ্বিতীয় স্থানত নদুৱাৰ ৰাজহ চক্ৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ অসম চৰকাৰে প্ৰৱৰ্তন কৰা অভিলাষী আঁচনি মিছন বসুন্ধৰা ২.০ ৰূপায়নৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে নদুৱাৰ ৰাজহ চক্ৰই অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মিছন বসুন্ধৰা আঁচনিখনৰ সফল ৰূপায়নৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আঁচনিখন মুকলি কৰিছিল ৷ আঁচনিখনৰ অধীনত সমগ্ৰ অসমতে কম্পোজিত লেণ্ড ট্ৰেন্সফাৰ সেৱা, অনলাইন যোগে খাজনা আদায়, ডিজিটেল ষ্টাম্পিং আদি সময় নিদ্ধাৰিত পদ্ধতিৰে প্ৰদান কৰাৰ সুবিধা ৰখাৰ লগতে চৰকাৰী খাচ ভুমি, চিলিং উদ্ধৃত মাটিৰ গোচৰ নিষ্পত্তিৰ ব্যৱস্থাও ৰখা হৈছে ৷ মিছন বসুন্ধৰা ২.০ ত নদুৱাৰ ৰাজহ চক্ৰত সৰ্বমুঠ ১৯,০৮৩ খন আবেদন পৰিছিল৷ ইয়াৰ ভিতৰত চতিয়া সমষ্টিৰ ৬৯৭৯খন আৰু বিশ্বনাথ সমষ্টিৰ আবেদন আছিল ১২,১০৪খন৷ গোচৰ নিষ্পত্তিৰ বাবে দিয়া আবেদন সমূহৰ গৰিষ্ঠসংখ্যকেই নিষ্পত্তি হোৱাত ৰাজহ চক্ৰটোৱে অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহ তথা দূৰ্যোগ ব্যৱস্থাপনা বিভাগে আয়োজন কৰা এখন সভাত মুখ্যমন্ত্ৰীয়ে মিছন বসুন্ধৰা ২.০ আঁচনিখন অন্ত পৰা বুলি ঘোষণা কৰাৰ লগতে মিছন বসুন্ধৰা – ৩ আঁচনিখনৰ শুভাৰম্ভ কৰে ৷ আজি অনুষ্ঠিত সভাখনতে মিছন বসুন্ধৰা ২.০ ৰূপায়নত দেখুওৱা সফলতাৰ বাবে বটাঁ সমূহ বিতৰণ কৰে ৷ উক্ত সভাতে নদুৱাৰ ৰাজহ চক্ৰৰ হৈ ৰাজহ চক্ৰ বিষয়া ড: আকাশ দ্বীপ কাকতিয়ে মুখ্যমন্ত্ৰীৰ পৰা বটাঁ গ্ৰহণ কৰে ৷

প্ৰেৰক প্ৰণৱ ওজা

You might also like