🔹 ঘাতক ৰাজীৱ দাস বৰ্তমান পলাতক
🔹 গুৰুতৰভাৱে আহত তিনিওকে চিকিৎসালয়ত ভৰ্তি
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই পিতৃ-মাতৃসহ যুৱতীক ছুৰিকাঘাত কৰি গুৰুতৰভাৱে আহত কৰাৰ এক নিৰ্মম ঘটনা কলিয়াবৰ মহকুমাৰ পূব-শোৱালনীত সংঘটিত হৈছে। কলিয়াবৰৰ কুলিডোঙাৰ ৰাজীৱ দাস নামৰ যুৱকজনে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দিছিল । যুৱতীগৰাকীয়ে ৰাজীৱৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি আহিছিল । যোৱানিশা ৰাজীৱে ফোনযোগে পুনৰ যুৱতীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণৰ বাবে ভাবুকি দিছিল । কিন্তু প্ৰস্তাৱ পুনৰ প্ৰত্যাখ্যান কৰাত নিশা প্ৰায় ৯.৩০ বজাত ৰাজীৱ দাসে হাতত ছুৰী লৈ যুৱতীগৰাকীৰ ঘৰলৈ গৈ যুৱতীগৰাকীৰ লগতে পিতৃ-মাতৃক ছুৰীৰে বেয়াকৈ আঘাত কৰি হত্যা কৰাৰ চেষ্টা চলায় । ঘটনা সংঘটিত কৰি ৰাজীৱ দাসে পলায়ন কৰে । লগে লগে স্থানীয় লোকে জখলাবন্ধাস্থিত মহকুমা চিভিল হাস্পতালত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত তিনিওকে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ চিকিৎসকে প্ৰেৰণ কৰে । বৰ্তমান ৰাজীৱ দাস পলাতক অৱস্থাত আছে ।
প্ৰেৰক দিগন্ত মহন্ত