নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৩ ফেব্রুৱাৰীৰ পৰা ভূমিৰ পট্টা বিতৰণ

🔹 মুখ্যমন্ত্রীৰ অধ্যক্ষতাত মিছন বসুন্ধৰা–২.০ৰ বৈঠক

বিশেষ বাৰ্তা, ১৭ ফেব্রুৱাৰী : মিছন বসুন্ধৰা ২.০ৰ অধীনত যোগ্য হিতাধিকাৰীক অহা ২৩ ফেব্রুৱাৰীৰ পৰা ২৯ ফেব্রুৱাৰীৰ ভিতৰত আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব ভূমিৰ পট্টা৷ কালি এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এখন গুৰুত্বপূর্ণ বৈঠক৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এই বৈঠকত কেইবাগৰাকীও কেবিনেট মন্ত্রীৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ বিষয়া, জিলাৰ আয়ুক্তসকল উপস্থিত থাকে৷ মুখ্যতঃ এই বৈঠকত বসুন্ধৰা ২.০ৰ অধীনত ভূমিৰ পট্টা বিতৰণৰ প্রস্তুতি আৰু ১ মার্চৰ পৰা ১০ মার্চৰ ভিতৰত সমগ্র ৰাজ্যতে আৰম্ভ হ’বলগীয়া বিকাশ যাত্রাৰ ওপৰত আলোচনা অনুষ্ঠিত হয়৷ তদুপৰি মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান আৰু মুখ্যমন্ত্রীৰ মহিলা উদ্যমিতা অভিযান ৰূপায়ণৰ অগ্রগতিৰ সন্দৰ্ভতো আলোচনা হয়৷ উল্লেখ্য যে এই আঁচনিসমূহৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ কেইবাখনো জিলা ভ্রমণ কৰিব৷ এই বিকাশ যাত্রাৰ বাবে অসম চৰকাৰে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিবলগীয়া প্রকল্পসমূহৰ মুঠ ব্যয়ৰ পৰিমাণ হৈছে ২৫,৩১১ কোটি টকা৷ বৈঠকত ৰাজ্যৰ বিকাশ যাত্রাত সাধাৰণ জনতাৰ অংশগ্রহণত প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই প্রকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন প্রক্রিয়াত সাধাৰণ জনতাক জড়িত কৰাৰ সুযোগ প্রদান কৰিব৷ মিছন বসুন্ধৰা ২.০ৰ অধীনত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা বিতৰণৰ দিনটোত যাতে নিজ নিজ বিধানসভা সমষ্টিত হিতাধিকাৰীসকলে ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হয, সেয়া সুনিশ্চিত কৰাৰ বাবেও বৈঠকতে সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে মুখ্যমন্ত্রী ড০ শর্মাই৷ তেওঁ লগতে কয় যে বিকাশ যাত্রাত অন্তর্ভুক্ত প্রকল্পসমূহে ৰাজ্যখনৰ ৰাজহুৱা আন্তঃগাঁথনিমূলক ব্যৱস্থাটোক আমূলভাৱে পৰিৱর্তন সাধন কৰাটো সম্ভৱ কৰি তুলিব৷ চৰকাৰী নির্দেশনাৱলী অনুসৰি বিকাশ যাত্রা পালন কৰাটো নিশ্চিত কৰিবলৈও তেওঁ জিলা আয়ুক্তসকলক নির্দেশ দিয়ে৷ বিকাশ যাত্রাৰ ব্যয়ৰ বাবে জিলা আয়ুক্তসকলক ৰাজ্য চৰকাৰৰ পৰা আর্থিক সহযোগিতা আগবঢ়োৱা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই জানিবলৈ দিয়ে৷ এই বৈঠকতে তৃণমূল পর্যায়ত মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল অসম অভিযান তথা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান ৰূপায়ণ সন্দর্ভত গ্রহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ড০ শর্মাই বিতংভাৱে বুজ লয়৷ বৈঠকত মন্ত্রী ৰঞ্জিত কুমাৰ দাস, ডাঃ ৰণোজ পেগু, চন্দ্রমোহন পাটোৱাৰী, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, যোগেন মহন, উর্খাও গৌৰা ব্রহ্ম, সঞ্জয় কিষাণ, নন্দিতা গার্লোছা আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ লগতে শীর্ষ বিষয়াসকল উপস্থিত থাকে৷ এই বৈঠকত ষষ্ঠ অনুসূচী এলেকাসমূহৰ অন্তর্গত জিলাসমূহৰ জিলা আয়ুক্তসকল ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে উপস্থিত থাকে৷

You might also like