নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী পৰ্যটকসহ বাৰাণসীৰ পৰা অহা এমভি গংগাবিলাসৰ অসমত প্ৰৱেশ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ ধুবুৰী তথা ৰাজ্যৰ নদী পৰ্যটন ক্ষেত্ৰখনক উজ্জীৱিত কৰি সুদূৰ বাৰাণসীৰ পৰা জলপথেৰে ধুবুৰীলৈ আহি উপস্থিত হৈছে বিদেশী পৰ্যটকৰ এটি দল। এম ভি গংগা বিলাস নামৰ বিলাসী প্ৰমোদতৰীৰে পৰ্য্যটকসকলে কালি বিয়লিৰ ফালে বাংলাদেশৰ পৰা বৰলুইতেৰে প্ৰৱেশ কৰিছে ধুবুৰীলৈ। অৱশ্যে বৰলুইতৰৰ নিম্নগামী জলস্তৰৰ বাবে ধুবুৰীৰ নতীদূৰৈৰ মাজেৰচৰ নামৰ চৰাঞ্চলৰ সমীপৰ বৰলুইতত লংগৰ পেলাবলগীয়া হৈছে প্ৰমোদতৰীখন। কালিয়েই সেইখনেৰে অহা ১৫গৰাকী পৰ্য্যটকৰ পাৰপত্ৰ পৰীক্ষাৰ কাম সম্পন্ন কৰা হৈছে। উল্লেখ্য যে ১৫গৰাকী এই পৰ্য্যটকৰ দলটোত আছে অষ্ট্ৰিয়াৰ এগৰাকী নাগৰিককে ধৰি ১৪গৰাকীকৈ চুইজাৰলেণ্ডৰ নাগৰিক। নিশাটো প্ৰমোদতৰীখনতেই কটাই আজি পুৱা পৰ্য্যটকসকলে পৰিভ্ৰমণ কৰে ধুবুৰীৰ গৌৰীপুৰৰ টেৰাক’টা গাওঁ খ্যাত আশাৰীকান্দী। গাঁওখনৰ টেৰাক’টা শিল্পীৰ শিল্পই মুগ্ধ কৰি তোলা দেখা যায় তেওঁলোকক। তাৰপৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু দ্বাৰা পৰিদৰ্শন কৰে দলটোৱে। আজি দুপৰীয়াৰ ফালে পৰ্য্যটক সকলক লৈ এম ভি গংগাবিলাসে পুনৰ আৰম্ভ কৰে উজনিমুৱা যাত্ৰা। জানিব পৰা মতে, প্ৰমোদতৰীখনৰ অন্তিম গন্তব্যস্থল হ’ল অসমৰ ডিব্ৰুগড়। উল্লেখ্য যে, উল্লেখ্য যে, প্ৰায় এবছৰ পূৰ্বে বিগত ২০২৩ বৰ্ষৰ ১৮ জানুৱাৰী দিনা বাৰাণসীৰ পৰা অসমৰ ডিব্ৰুগড় অভিমুখী যাত্ৰা কৰা তথা বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ বুলি অখ্যায়িত এম ভি গংগা বিলাস নামৰ এই বিলাসী প্ৰমোদতৰীখনেৰেই নদী পৰ্য্যটনৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা ঘটিছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাবে উদ্বোধন কৰা প্ৰমোদতৰীখনে যাত্ৰা কৰাৰ প্ৰায় এমাহ পিছত, অৰ্থাৎ বিগত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীৰ দিনা ২৮গৰাকী বিদেশী পৰ্য্যটক লৈ  বাংলাদেশৰ পৰা বৰলুইতেৰে ধুবুৰীৰ নদী বন্দৰেৰে প্ৰৱেশ কৰিছিল অসমলৈ। ইয়াৰ পিছত বিগত বৰ্ষৰ ১৬ অক্টোবৰৰ দিনা চৰাউদেউ-২ নামৰ অইন এখন বিলাসী প্ৰমোদতৰীৰে বাংলাদেশৰ ঢাকাৰ পৰা বৰলুইতেৰে ধুবুৰী হৈ অসমলৈ আহিছিল  ৫গৰাকী ব্ৰিটিছ নাগৰিককে ধৰি ১১ জনীয়া এটা পৰ্যটকৰ দল। আনহাতে, ২০২৩ বৰ্ষৰ ১০ নৱেম্বৰৰ দিনা আৰ ভি কিনডাট পান্ডোয়া নামৰ বিলাসী প্ৰমোদতৰীৰে বৰলুইতেৰে ধুবুৰী হৈ অসমলৈ প্ৰৱেশ কৰিছিল ২৭ জনীয়া বিদেশী পৰ্যটকৰ এটি দল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like