নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত ৰিপুন বৰা; ৬ বছৰৰ মূৰত ডেনিয়েল তপ্ন হত্যাৰ গোচৰৰ পুনৰ শুনানি মুকলি

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্নৰ হত্যাৰ গোচৰ পুনৰ খোল খাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত । সুদীৰ্ঘ ছয় বছৰৰ পিছত ন্যায়ালয়ে গোচৰটোৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱাৰ লগে লগে প্রদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা পুনৰ আইনী মেৰপেঁচত সোমাই পৰাটো অৱধাৰিত হৈ পৰিছে৷

উল্লেখ্য যে ২০০০ চনৰ ২৬ ছেপ্ঢেম্বৰত গহপুৰত অচিনাক্ত ঘাতকৰ হাতত প্রাণ হেৰুওৱা ডেনিয়েল তপ্নৰ হত্যাৰ তদন্তৰ দায়িত্ব চৰকাৰে চিবিআইক অর্পণ কৰে৷ সেই গোচৰত চিবিআইৰ তৰফৰ পৰা ৰিপুণ বৰাকো অভিযুক্ত কৰা হৈছিল৷ পৰৱর্তী পর্যায়ত কামৰূপ (মহানগৰ)ৰ সত্র ন্যায়াধীশৰ আদালতে বিচাৰ প্রক্রিয়া চলাই ৰিপুণ বৰাক দোষমুক্ত ঘোষণা কৰে৷ সত্র ন্যায়াধীশৰ আদালতৰ সেই ৰায়ৰ প্রত্যাহ্বান জনাই চিবিআয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে৷ ২০১৪ চনৰ ২৯ মে’ত চিবিআয়ে দাখিল কৰা ফৌজদাৰী ৰিভিজন আবেদনখন উচ্চ ন্যায়ালয়ে সেই বছৰৰে তিনি জুনত পঞ্জীয়ন (নং ২৩০/২০১৪) কৰে৷ ২০১৪ চনৰ ১৪ নৱেম্বৰত আবেদনখন গৃহীতৰ বাবে শুনানি অনুষ্ঠিত হয়৷ ইয়াৰ পাছৰে পৰাই বিগত ৬ বছৰে সেই গোচৰটোৰ কোনো শুনানি অনুষ্ঠিত হোৱা নাছিল৷ শেহতীয়াভাৱে গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি তথা বিচাৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে তালিকাভুক্ত কৰিছে৷ পৱিত্র হাজৰিকা নামৰ এজন আৰ টি আই কর্মীৰ আবেদনৰ উত্তৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক ধ্রুপদ কুমাৰ দাসে কালি ন্যায়ালয়ে উক্ত গোচৰটো তালিকাভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিয়ে৷ ইয়াৰ লগে লগে ন্যায়ালয়ৰ মজিয়াত সেই গোচৰৰ বিচাৰ প্রক্রিয়া আৰম্ভ হোৱাটো স্পষ্ট হৈ পৰিল৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা পুনৰ ডেনিয়েল তপ্নৰ হত্যাকাণ্ড সম্পর্কত আইনী মেৰপেঁচত সোমাই পৰাত কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বিশেষকৈ ৰাজ্যৰ বিধানসভা নির্বাচনলৈ মাজত মাত্র এটা বছৰ বাকী থকা অৱস্থাত বিৰোধী দলটোৰ ৰাজ্যিক সভাপতিগৰাকী হত্যাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত হৈ এতিয়াও বিচাৰৰ সন্মুখীন হৈ থাকিবলগীয়া ঘটনাই দলটোকেই শ’লঠেকত পেলোৱাৰ আশংকা আছে৷ ইয়াৰ বাবেই বৰাই প্রদেশ কংগ্রেছৰ সভাপতি পদ হেৰুৱাব পাৰে বুলি দলৰ একাংশই আশংকা কৰিছে৷

আনহাতে ২০১৬ চনৰ ৰাজ্যসভা নির্বাচনৰ সময়ত ৰিপুণ বৰাই তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ ফৌজদাৰী হত্যাৰ গোচৰ নাই বুলি নির্বাচন আয়োগৰ ওচৰত শপতনামা দাখিল কৰিছিল৷ এতিয়া আৰটিআই আবেদন দাখিল কৰা পৱিত্র হাজৰিকা নামৰ লোকজনে ৰিপুণ বৰাৰ ৰাজ্যসভাত সদস্যপদ খাৰিজৰ বাবে নির্বাচন আয়োগৰ ওচৰত লিখিত আবেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে৷

You might also like