নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াত গ্রেপ্তাৰ মার্কিন নৃত্যশিল্পীক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ফেব্ৰুৱাৰীঃ ৰাছিয়াত গ্রেপ্তাৰ আমেৰিকান নৃত্যশিল্পী৷ ৩৩ বছৰীয়া কেছনিয়া কাৰেলিনাৰ বিৰুদ্ধে পুটিন প্রশাসনৰ অভিযোগ এই যে ইউক্রেইনী সেনাক ৫১ ডলাৰ আর্থিক সাহায্য আগবঢ়াইছে তৰুণীগৰাকীয়ে৷ আমেৰিকা আৰু ৰাছিয়াত যৌথ নাগৰিকত্ব থকা কাৰেলিনাৰ বিৰুদ্ধে বিশ্বাসঘাতকতাৰ অভিযোগ অনা হৈছে৷ সংবাদ সংস্থা বিজনেছ ইনছাইডাৰৰ দাবী অনুসৰি শেহতীয়াকৈ কাৰেলিনাক চকুত কাপোৰ বান্ধি লোৰ শিকলিৰে হাত বন্ধা অৱস্থাত আদালতত হাজিৰ কৰোৱা হৈছিল৷ ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটী ছার্ভিচৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি ২০২২ৰ ফেব্রুৱাৰীৰ পৰা এটা ইউক্রেইনী সংস্থাৰ স্বার্থত পুঁজি সংগ্রহ কৰি আহিছে কাৰেলিনাই৷ এই ধন ইউক্রেইনৰ সশস্ত্র বাহিনীৰ ঔষধ তথা অন্যান্য সামগ্রী ক্রয়ৰ বাবে ব্যৱহাৰ কৰা হৈছে৷ ৰুছ চোৰাংচোৱা সংস্থাৰ তৰফৰ পৰা এই কথাও উল্লেখ কৰা হৈছে যে অভিযুক্ত নৃত্য পটিয়সীগৰাকীয়ে আমেৰিকাত থকা সময়ত কিয়েভৰ সমর্থনত জনসমাৱেশতো অংশগ্রহণ কৰিছিল৷ কার্যতঃ দেশদ্রোহিতাৰ অভিযোগ অনা হৈছে কাৰেলিনাৰ বিৰুদ্ধে৷ উল্লেখনীয় যে লছ এঞ্জেলছৰ বেভাৰলী হিল্ছত এটা স্পা আছে কেছনিয়া কাৰেলিনাৰ৷ যোৱা ২৭ জানুৱাৰীত আমেৰিকান এই নৃত্যাংগনাগৰাকীক মস্কোৰ পৰা গ্রেপ্তাৰ কৰে পুটিনৰ আৰক্ষীয়ে৷

You might also like