আই পি এলৰ পৰা বাহিৰ ছামী
🔹 গোৰোহাৰ আঘাত : ইংলেণ্ডলৈ উৰা মাৰিব ছামী
বিশেষ বাৰ্তা, ২২ ফেব্ৰুৱাৰী : টীম ইণ্ডিয়াৰ লগতে গুজৰাট টাইটানছৰ বাবে এক বেয়া খবৰ। গোৰোহাৰ আঘাত এতিয়াও সম্পূৰ্ণ ভাল হোৱা নাই মহম্মদ ছামীৰ। আৰু সেইবাবেই ছামীক আগন্তুক আই পি এলৰ পৰা বাদ দিয়া হৈছে। বিচিচিআইৰ সূত্ৰৰ জৰিয়তে এই কথা জানিব পৰা গৈছে। ব’ৰ্ডৰ এজন বিষয়াই কয়- ‘জানুৱাৰী মাহৰ শেষ সপ্তাহত ছামী ইংলেণ্ডলৈ গৈছিল। তাত চিকিৎসকৰ লগত আলোচনা কৰি গোৰোহাত কিছু বেজী দিয়া হৈছিল। তিনি সপ্তাহ অপেক্ষা কৰিবলৈ কোৱা হৈছিল। কিন্তু সেই ঔষধে একো সহায় কৰা নাই।” তেওঁ লগতে কয়- “এই মুহূৰ্তত অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো বিকল্প নাই। আৰু সেয়ে কেইদিনমানৰ ভিতৰতে পুনৰ ইংলেণ্ডলৈ উৰা মাৰিব ছামী। গতিকে তেওঁ আই পি এলত খেলাৰ কোনো প্ৰশ্নই উত্থাপন নহয়।’ বিষয়াগৰাকীয়ে কয় যে ছামী ভাৰতীয় দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য। গতিকে অস্ত্ৰোপচাৰৰ পিছত এনচিএলৈ আহিব লাগিব। কাৰণ অষ্ট্ৰেলিয়া ভ্ৰমণত দলটোৰ বাবে ছামীৰ সেৱা উপযোগী হ’ব।