নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰী : মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । যোৱানিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত ভূৰাগাঁৱৰ শিৱবাৰী নদী ঘাটত ২৬টা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । চোৰাং গৰুকেইটা এখন ট্ৰাকৰ পৰা যন্ত্ৰচালিত নাৱত উঠোৱাৰ সময়ত জব্দ কৰে। ইয়াৰ লগতে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত ১৩জনক গ্ৰেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা হ’ল আবুল হুছেইন, আনছাৰ আলী, আবুল হক, ওমৰ কাজী, চুলতান আলী, উদেই হুছেইন, মাহিজুল হক, ইমৰান হুছেইন, নুৰ আমিন, ৰাহিমূল হক, ছাদ্দাম হুছেইন, ওচমান আলী আৰু মতিবুৰ ৰহমান। আজি ভূৰাগাওঁ আৰক্ষীয়ে ১৬/২০২৪ নম্বৰত গোচৰ ৰুজু কৰি ধৃত চোৰাং গৰু সৰবৰাহকাৰীকেইটাক জে’ল-হাজোতলৈ প্ৰেৰণ কৰে।
প্ৰেৰক আবুল কালাম