নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীত ১,২৮৩ পদৰ বিজ্ঞাপন

আবেদন গ্রহণৰ অন্তিম দিন ১৫ মার্চ

অসম আৰক্ষীত খালী হৈছে কনিষ্টবল, ছাব অফিচাৰ, ফায়াৰমেন এণ্ড ইমার্জেন্সী ৰেছকিউৱাৰৰ মুঠ ১,২৮৩টা পদ৷ পদসমূহ আছাম পুলিচ ৰেডি’ অর্গেনাইজেচন, ফায়াৰ এণ্ড ইমার্জেন্সী ছার্ভিচেজ বিভাগত পূৰণ কৰা হ’ব৷ এই বিষয়ে ইতিমধ্যে গুৱাহাটীৰ ৰিহাবাৰীস্থিত ৰাজ্যিক আৰক্ষী নিযুক্তি ব’ডৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি অসম পুলিচ ৰেডি’ অর্গেনাইজেচনত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে– কনিষ্টবল–কমিউনিক্ (৮০২), কনিষ্টবল–ইউবি (৩), কনিষ্টবল–মেছেঞ্জাৰ্ (৭) আৰু কনিষ্টবল–কার্পেণ্টা (১)৷ আনহাতে ফায়াৰ এণ্ড ইমার্জেন্সী ছার্ভিচেজত পূৰণ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে– ছাব অফিচাৰ (৩), ফায়াৰমেন (৪১০) আৰু ইমার্জেন্সী ৰেছকিউৱাৰ (৫৭)৷ কনিষ্টবল–কমিউনিক্ পদৰ বাবে প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ ইলেক্ট্রনিক্স/টেলিকমিউনিকেচন/ কম্পিউটাৰ/আইটি খণ্ডত এবছৰীয়া কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ ফায়াৰমেন পদৰ বাবে প্রার্থী বিজ্ঞান শাখাত দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৪৯,০০০ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট www.slprbassam.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম দিন ১৫ মার্চ ২০২০৷

You might also like