নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যতীনক উভতি ধৰি জুবিনে ক’লে আমি চৰকাৰী চাকৰি নকৰো

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ‘কা’বিৰোধী আন্দোলনক লৈ পুনৰ যতীন বৰাৰ বিৰুদ্ধে সোচ্চাৰ হোৱা দেখা গ’ল জুবিন গাৰ্গক । কেইটামান দিন পূৰ্বে নলবাৰীৰ এখন সভাত উপস্থিত হৈ যতীন বৰাই নাগৰিকত্ব সংশোধনী আইনে ভ্ৰাম্যমাণ থিয়েটাৰ আৰু ছবি উদ্যোগত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰিছিল । যোৱা প্ৰায় চাৰিটা মাহ ধৰি ছবি প্ৰযোজকে ছবি মুক্তি দিব বিচৰা নাই অথবা ভ্ৰাম্যমাণ থিয়েটাৰ সমূহো ইতিমধ্যে বন্ধ হৈ পৰিছে । ‘কা’বিৰোধী আন্দোলনৰ বিষয়ে এইদৰে কোৱাৰ পাচতে মঙলবাৰে যতীন বৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে জুবিন গাৰ্গ ।

জুবিন গাৰ্গে কয় যে, ‘আমি কোনো চৰকাৰৰ অধীনত নাথাকো, আমি চৰকাৰী চাকৰি নকৰো । যদি শিল্পী হয় নিজৰ মতে থাকিব লাগে, নিজৰ ঘৰত থাকিব লাগে চৰকাৰৰ অধীনত নহয় । সেইবিলাক অদৰকাৰী কথা ক’লে বেয়া পাওঁ , সি লাগিলে যতীন বৰা হওক অথবা মোৰ দেউতা হওক মই গালি পাৰিম । তাক মোৰ ঘৰত আহিব দিবা কথা পাতিম ।’

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন অব্যাহত থকাৰ সময়ত বিজেপি ত্যাগ কৰা বুলি ঘোষণা কৰি লতাশিললৈ আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল যতীন বৰাই । তাৰ পৰৱৰ্তী সময়ত কিন্তু শিল্প সমাজৰ নেতৃত্বত হৈ থকা কোনো প্ৰতিবাদী কাৰ্যসূচীতে দেখা পোৱা নগ’ল যতীন বৰাক । কেইটামান দিন পূৰ্বে নলবাৰীৰ এখন সভাত অংশগ্ৰহণ কৰি এইদৰে কাবিৰোধী আন্দোলনে অসমীয়া ছবি উদ্যোগক ক্ষতিগ্ৰস্ত কৰা বুলি উল্লেখ কৰাৰ পাচতেই এতিয়া সমালোচনাৰ সন্মুখীন হৈছে যতীন বৰা ।

You might also like