এৰিয়াছ ছ’চাইটীত ৩৫ পদৰ বিজ্ঞাপন
অসম চৰকাৰৰ অধীনস্থ এটি স্বতন্ত্র সংস্থা এৰিয়াছ ছ’চাইটী, অর্থাৎ অসম গ্রামীণ আন্তঃগাঁথনি আৰু কৃষিজাত সেৱা সমাজত খালী হৈছে ৩৫টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এৰিয়াছৰ ৰাজ্যিক প্রকল্প সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– এণ্টাৰপ্রাইজ ক্লাষ্টাৰ স্পেচিয়েলিষ্ট ১টা ঃ প্রার্থী এগ্রি বিজনেছ/এগ্রি বিজনেছ মেনেজমেণ্ট/এগ্রিকালচাৰেল ইকন’মিক্সৰ স্নাতকোত্তৰ/পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী আৰু সংশ্লিষ্ট খণ্ডত অতি কমেও ৭ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৫০ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ১১.৪০–২৫.৮০ লাখ টকা৷ পোষ্ট হার্ভেষ্ট মেনেজমেণ্ট স্পেচিয়েলিষ্ট ১টাঃ প্রার্থী এগ্রিকালচাৰ/হর্টিকালচাৰ/পোষ্ট হার্ভেষ্ট টেকন’লজী/ফুড এণ্ড নিউট্রিচন/ফুড ছায়েন্স বিষয়ত স্নাতকোত্তৰ/পোষ্ট গ্রেজুৱেট ডিপ্ল’মাধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ১১ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ আবেদনকাৰীৰ বয়স সর্বোচ্চ ৫০ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ১১.৪০–২৫.৮০ লাখ টকা৷ ডিষ্ট্রিক্ট এগ্রিকালচাৰ মার্কেটিং কো–র্ডিনেটৰ ১২টাঃ প্রার্থী এগ্রিকালচাৰ/এলাইড ছায়েন্স বিষয়ত স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ উপৰিও কম্পিউটাৰ পৰিচালনাত দক্ষ হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৬.৬০–১০.৮০ লাখ টকা৷ এম আই এছ অপাৰেটৰ ৭টা ঃ প্রার্থী বিজ্ঞানৰ স্নাতক/বিটেক/বিচিএ হোৱাৰ উপৰিও ৪ বছৰীয়া কর্ম অভিজ্ঞতা থকাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৪.২০ লাখ টকা৷ শেষত অফিচ এছিছটেণ্ট ১৪টাঃ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰু সংশ্লিষ্ট খণ্ডত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ বছৰি ৩.২০ লাখ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে নির্ধাৰিত আবেদন প্র–পত্র ডাউনলোড কৰিবলৈ এৰিয়াছৰ ৱেবছাইটwww.arias.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন’State Project Director, ARIAS Society, Agriculture Complex, Khanapara, Guwahati-22, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ ছফ্ট কপী ই–মেইল[email protected] যোগে প্রেৰণ কৰাটো বাঞ্ছনীয়৷ আবেদন দাখিলৰ অন্তিম দিন ২ মার্চ ২০২০৷