ক’লফিল্ডছত অপাৰেটৰৰ ৩০৭ পদ
ভাৰত চৰকাৰৰ অধীনস্থ নর্থার্ন ক’লফিল্ডছ লিমিটেডত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কোম্পানীটোৰ নিযুক্তি বিভাগৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ড্রেগলাইন অপাৰেটৰ (৯), ড’জাৰ অপাৰেটৰ (৪৮), গ্রেডাৰ অপাৰেটৰ (১১), ডাম্পাৰ অপাৰেটৰ (১৬৭), শ্ব’ভেল অপাৰেটৰ (২৮), পে ল’ডাৰ অপাৰেটৰ (৬), ক্রেন অপাৰেটৰ (২১) আৰু ড্রিল অপাৰেটৰ (১৭)৷ আবেদনকাৰীৰ নূ্যনতম শৈক্ষিক অর্হতা দশম/দ্বাদশ শ্রেণী উত্তীর্ণ আৰু সংশ্লিষ্ট ট্রেডত আই টি আইৰ প্রমাণ–পত্রধাৰী হোৱাৰ উপৰি লঘু আৰু গধুৰ যান–বাহন চলোৱাৰ বৈধ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ বয়স ৩০ মার্চ ২০২০লৈ ১৮–৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা পৰিশোধ কৰিব লাগিব৷ অন্যান্য প্রার্থীয়ে কোনো মাচুল দিব নালাগে৷ ড্রেগলাইন অপাৰেটৰৰ দৈনিক মজুৰি ১০৩৪.০৪–১০৬৫.৫৫ টকা, ড’জাৰ অপাৰেটৰ পদৰ পৰা ড্রিল অপাৰেটৰ পদলৈ দৈনিক মজুৰি ১০১১.২৭ টকা৷ আগ্রহীসকলে নিযুক্তি বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nclcil.in>Career>Recruitment>Noticification for Direct Recruitment of various post of HEMM Operator (Trainee)>Apply online লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন ৩০ মার্চ ২০২০৷