৫ পাকিস্তানী নাগৰিকসহ ২০০০ কোটিৰ ড্রাগছ জব্দ
🔹 পাকিস্তানৰ পৰা গুজৰাটৰ উপকূলেৰে ভাৰতলৈ ড্রাগছ সৰবৰাহ চেষ্টা
বিশেষ বাৰ্তা, ২৮ ফেব্রুৱাৰী : পুনৰ গুজৰাটৰ উপকূলেৰে ভাৰতলৈ ড্রাগছ সৰবৰাহৰ চেষ্টা। অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাত ড্রাগছ সৰবৰাহকাৰীৰ সকলো ষড়যন্ত্র ব্যর্থ হৈছে৷ নৌসেনা আৰু নার্ক’টিক ব্যুৰ’ (এনচিবি)ৰ যৌথ অভিযানত পোৰবন্দৰৰ এখন জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছে ৩,৩০০ কিলোগ্রাম ড্রাগছ৷ ইয়াৰ বজাৰ মূল্য ২০০০ কোটি টকা বুলি জানিব পৰা গৈছে৷ গ্রেপ্তাৰ কৰা হৈছে অভিযুক্ত ৫ পাকিস্তানী নাগৰিকক৷ নার্ক’টিক ব্যুৰ’ৰ সূত্রই সদৰী কৰা অনুসৰি, গুজৰাটৰ উপকূলত জব্দ কৰা ড্রাগছৰ ভিতৰত ৩,০৮৯ কিলোগ্রাম হৈছে চৰছ আৰু ১৫০ কিলোগ্রাম মেথাম’ফেটামিন৷ ইয়াৰ উপৰি ২৫ কিলোগ্রাম মৰফিনো আছে৷ চোৰাংচোৱা সূত্রই পোৰবন্দৰৰ বন্দৰত বৃহৎ পৰিমাণৰ ড্রাগছৰ লেনদেন হ’ব পাৰে বুলি পূর্বেই তথ্য লাভ কৰিছিল৷ চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছতে নৌসেনা আৰু এনচিবিয়ে নজৰ ৰাখিছিল বন্দৰটোত৷ ইয়াৰ পাছতে যৌথ নিৰাপত্তাৰক্ষীয়ে দেখিবলৈ পায় সন্দেহজনক জাহাজখনক৷ লগে লগে জাহাজখন নিজৰ নিয়ন্ত্রণলৈ আনি যৌথ বাহিনীয়ে তালাচী চলায়৷ এই তালাচীৰ সময়ত বৃহৎ পৰিমাণৰ ড্রাগছ জব্দ হয়৷ জাহাজখন পাকিস্তানৰ পৰা আহিছিল বুলি এনচিবিৰ তৰফৰ পৰা নিশ্চিত কৰা হৈছে৷ স্মর্তব্য যে যোৱা বছৰৰ মার্চ মাহত ইৰানৰ পৰা অহা এখন জাহাজত উদ্ধাৰ হৈছিল ৪২৫ কোটি টকাৰ ড্রাগছ৷