ঢাকাত বিৰিয়ানি হাউছত ভয়াৱহ অগ্নিকাণ্ডত ৪৩ লোকৰ প্ৰাণহানি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মাৰ্চঃ বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা ৭ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৪৩জন লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয় বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি এতিয়ালৈকে ৪৩জন লোকৰ মৃত্যু হৈছে এই অগ্নিকাণ্ডত। লগতে কমেও ৪০জন জ্বলন্ত আহত লোকৰ চিকিৎসা চলি আছে। অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াৰ মতে নিশা ৯:৫০ বজাত ঢাকাৰ বেইলী ৰোডৰ এখন জনপ্ৰিয় বিৰিয়ানী ৰেষ্টুৰেণ্টৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু নিমিষতে ওপৰৰ মহলালৈ বিয়পি পৰে আৰু কেইবাজনো লোক আবদ্ধ হৈ পৰে। কিন্তু দুঘণ্টাৰ ভিতৰতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম অগ্নিনিৰ্বাপক বাহিনী। অগ্নিনিৰ্বাপক বাহিনীৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁলোকে ৭৫জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। উল্লেখ্য যে বেইলী ৰোড ভৱনটোত মূলতঃ ৰেষ্টুৰেণ্টৰ লগতে কেইবাখনো কাপোৰ আৰু মোবাইল ফোনৰ দোকান আছে। উল্লেখ্য যে ২০২১ চনৰ জুলাই মাহত খাদ্য সংসাধন কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বহু শিশুকে ধৰি কমেও ৫২জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰি ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ঢাকাৰ কেইবাটাও এপাৰ্টমেণ্ট ব্লকত ৭০জন লোকৰ মৃত্যু হৈছিল।