অনুষ্ঠানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত, ৰাভা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মাৰ্চঃ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি দুধনৈত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। দেশৰ স্বাধীনতাৰ পাছত এয়া অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় হিচাপে পৰিগণিত হ’ব। তদুপৰি, সোণোৱালে কোকৰাঝাৰৰ মোৱামাৰীৰঝাৰ আৰু বাক্সাৰ শিলবাৰীত ভাৰ্চুৱেলী ৫০ খনকৈ বিছনাযুক্ত দুখন আয়ুষ চিকিৎসালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। দুধনৈৰ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়খন প্ৰায় ৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। আয়ুষ মন্ত্ৰালয়ে ২০২২-২৩ চনত গোৱালপাৰাৰ দুধনৈত আয়ুৰ্বেদিক মহাবিদ্যালয়খন স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছিল। ২০২৩ চনৰ জুলাই মাহত সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা সমন্বিত আয়ুষ চিকিৎসালয়ৰ ওচৰত এই মহাবিদ্যালয়খন ৯৩ বিঘা ভূমিত বিকশিত কৰা হ’ব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ইয়াৰ নিৰ্মাণ ত্বৰান্বিত কৰি ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব। আজিৰ অনুষ্ঠানত লগতে উপস্থিত থাকে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ৰাভা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা প্ৰমুখ্যে উচ্চপদস্থ বিষয়াসকল, গণ্য-মান্য ব্যক্তিসকল আৰু স্থানীয় ৰাইজ। উল্লেখ্য যে অসমৰ প্ৰথম আয়ুৰ্বেদিক মহাবিদ্যালয়খন ১৯৪৮ চনত গুৱাহাটীত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ কালত স্থাপন হৈছিল। কোকৰাঝাৰ আৰু বাক্সাত স্থাপন হ’বলগীয়া ৫০ খনকৈ বিছনাযুক্ত সমন্বিত আয়ুষ চিকিৎসালয় দুখন মুঠ ৩০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে বিগত বছৰসমূহত আমূল পৰিৱৰ্তনৰ সাক্ষী হৈছে। মোদী ডাঙৰীয়াই জনসাধাৰণৰ জীৱন পৰিৱৰ্তন আৰু মান, মৰ্যাদা সমৃদ্ধ কৰাৰ বাবে বিভিন্ন কল্যাণমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে। আমাৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ চহকী ঐতিহ্য, গুণাগুণসমূহ আৰু ইয়াৰ প্ৰসাৰ কংগ্ৰেছ চৰকাৰৰ অন্ধকাৰময় শাসনত অৱহেলিত হৈ আছিল। কিন্তু মোদীজীয়ে শাসনভাৰ লৈয়েই ভাৰতৰ পৰম্পৰাগত ঔষধ তথা চিকিৎসা পদ্ধতিৰ সম্প্ৰসাৰণ আৰু প্ৰসাৰত বিশেষ অগ্ৰাধিকাৰ দি আহিছে। আয়ুষ এতিয়া দেশে-বিদেশে প্ৰসাৰিত, সমাদৃত আৰু গ্ৰহণযোগ্য হৈ পৰিছে। আয়ুষে উন্নত আৰু বৈজ্ঞানিক প্ৰমাণ আধাৰিত চিকিৎসা পদ্ধতি তথা গুণগত স্বাস্থ্যসেৱাৰ জৰিয়তে বিশ্বজুৰি সুস্থতা আন্দোলনৰ ধ্বজা বহন কৰিছে।” সোণোৱালে লগতে কয়, “ঔষধি তথা বিভিন্ন মূল্যবান উদ্ভিদেৰে সমৃদ্ধ অসমতো স্থানীয় পৰম্পৰাগত ঔষধ তথা চিকিৎসা প্ৰণালীৰ এক সমৃদ্ধ ইতিহাস আছে, যিয়ে বহু প্ৰজন্মৰ বাবে আৰোগ্যৰ পথ প্ৰশস্ত কৰিছে। দেশৰ স্বাধীনতাৰ সাতটা দশকৰো অধিক সময়ৰ বেছিভাগ সময় কংগ্ৰেছে শাসন কৰা স্বত্বেও অসমৰ এই অনন্য সমৃদ্ধিশালী প্ৰণালী আৰু ইয়াৰ ঐতিহ্যক উপেক্ষা কৰিছিল। এয়া সঁচাকৈয়ে এক উৎসাহৰ বতৰা যে নৰেন্দ্ৰ মোদীজীয়ে ৰাজ্যখনত আয়ুষ খণ্ডৰ উন্নয়নৰ বাবে পৰ্যাপ্ত সুযোগ-সুবিধা নিশ্চিত কৰিছে। সৌভাগ্যৰ বিষয় যে আমি দুধনৈৰ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ জৰিয়তে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ১৯৪৮ চনত ভেটি স্থাপন কৰি যোৱা আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ধাৰাক আগুৱাই নিয়াৰ এক অনন্য সুযোগ পাইছোঁ। সুদীৰ্ঘ ৭৬ বছৰ পাছত অসমে লাভ কৰিবলৈ ওলাইছে দ্বিতীয়খন অত্যাধুনিক চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাদায়ক নেতৃত্বত আমি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশতে এক শক্তিশালী স্বাস্থ্যসেৱা প্ৰদান প্ৰণালী গঢ়ি তুলিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ, যি আধুনিক আৰু পৰম্পৰাগত দুয়োটা প্ৰকাৰৰ ঔষধ তথা চিকিৎসা প্ৰণালীৰে সমৃদ্ধ। আমাৰ উদ্দেশ্য হৈছে এখন সুস্থ-সবল ভাৰত গঢ়ি তোলাৰ দিশত সামগ্ৰিক স্বাস্থ্যসেৱা প্ৰণালীৰ ভেটি তথা আন্তঃগাঁথনি মজবুত কৰা।” দুধনৈৰ নতুন আয়ুৰ্বেদিক মহাবিদ্যালয়খনত স্নাতক পাঠ্যক্ৰম (বিএএমএছ)ৰ বাবে ১০০ শিক্ষাৰ্থীৰ আসনৰ ব্যৱস্থা থাকিব। পৰৱৰ্তী সময়ত স্নাতকোত্তৰ পাঠ্যক্ৰমো আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হ’ব। এই প্ৰতিষ্ঠানখনত উন্নত গৱেষণাগাৰো থাকিব। সমগ্ৰ অঞ্চলটোত ঔষধি উদ্ভিদৰ খেতিৰ প্ৰসাৰৰ বাবে ইয়াক জ্ঞান কেন্দ্ৰ হিচাপেও বিকশিত কৰাত গুৰুত্ব দিয়া হ’ব। শিক্ষাৰ্থীসকলে পঞ্চকৰ্মা, কায়চিকিৎসা, বাত-ব্যাধি, ৰসায়ন, বাজীকৰণ, জীৱনশৈলী আৰু বিপাকীয় বিকাৰ, যোগ আদিৰ দৰে বিশেষ চিকিৎসা প্ৰদান কৰা অ’পিডি আৰু আইপিডি সুবিধাৰ সৈতে প্ৰতিৰোধমূলক তথা নিৰাময়মূলক স্বাস্থ্যসেৱা শিকাৰ সুবিধা লাভ কৰিব। নিউৰ’পেশীৰ বিকাৰ, মানসিক বিকাৰ, বিপাকীয় বিকাৰ আদিৰ চিকিৎসাৰ বাবে প্ৰতিষ্ঠানখনত বিশেষ চিকিৎসা কেন্দ্ৰৰো সুবিধা উপলব্ধ হ’ব। চৌহদটোত আয়ুৰ্বেদিক ঔষধৰ প্ৰস্তুতকৰণ গোটৰ সৈতে এখন ভেষজ বাগিচাও থাকিব। উল্লেখযোগ্য যে সৰ্বানন্দ সোণোৱালৰ দায়িত্ববাহী আয়ুষ মন্ত্ৰালয়ে ২০২৩-২৪ বৰ্ষলৈকে অসমলৈ কেন্দ্ৰৰ অংশ হিচাপে ১৩৯.১১ কোটি টকা ইতিমধ্যে মুকলি কৰিছে। মন্ত্ৰালয়ৰ দ্বাৰা প্ৰায় ৮ খন সমন্বিত আয়ুষ চিকিৎসালয়ো অসমৰ বাবে অনুমোদিত হৈছে, যাৰ ভিতৰত দুখন ইতিমধ্যে কাৰ্যক্ষম হৈছে। মন্ত্ৰালয়ে ৫০০ আয়ুষ্মান আৰোগ্য মন্দিৰতো অনুমোদন জনাইছে, যাৰ ভিতৰত ২৮৯ ইতিমধ্যে কাৰ্যক্ষম হৈছে। ১০০ খন নতুন আয়ুষ ঔষধালয়ো অনুমোদিত হৈছিল আৰু ইয়াৰো নিৰ্মাণ চলি হৈছে। আনহাতে, দুধনৈত নতুনকৈ খোলা সমন্বিত আয়ুষ চিকিৎসালয়খনে জুলাই, ২০২৪ত আৰম্ভ হোৱাৰ পৰাই হাজাৰ হাজাৰ লোকক গুণগত চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। তেতিয়াৰ পৰা প্ৰায় ১০,০০০ লোকে এই চিকিৎসালয়খনত চিকিৎসা সেৱা গ্ৰহণ কৰিছে। ৪৮ লাখ টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীসকলক ৭৩ প্ৰকাৰৰ অত্যাৱশ্যকীয় আয়ুৰ্বেদিক ঔষধ প্ৰদান কৰি আহিছে। সোণোৱালে অসমৰ আয়ুষ খণ্ডক উজ্জীৱিত কৰাৰ বাবে ইতিমধ্যে আন কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে, যাৰ ভিতৰত আছে ৪খন আয়ুষ প্ৰতিষ্ঠানৰ উন্নীতকৰণৰ বাবে বিত্তীয় সাহায্য।