লোকসভা নিৰ্বাচন সন্দৰ্ভত ওদালগুৰিত বিজেপি-ইউপিপিএলৰ যৌথ সভা
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্ত দলসমূহৰ যুদ্ধংদেহি প্ৰস্তুতি আৰম্ভ হৈ পৰিছে। কি বিজেপি কি কংগ্ৰেছ কিম্বা বিপিএফ সকলো দলেই এতিয়া নিৰ্বাচনী কুচকাৱাজ প্ৰস্তুত কৰাত ব্যস্ত। শাসকীয় দল বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা প্ৰাকমুহূৰ্তত ২৯ মাৰ্চত ওদালগুৰি জিলাৰ ননৈ বন বিভাগৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত বিজেপি আৰু ইউপিপিএল মিত্ৰদলৰ যৌথ সভা অনুষ্ঠিত কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰি লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে। নৱগঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ জয়লাভ নিশ্চিত কৰাৰ স্বাৰ্থত আয়োজিত উমৈহতীয়া সভাখনত বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তান্তী উপস্থিত থাকি দুয়ো দলৰ কৰ্মীসকলক ৰাইজৰ মাজলৈ গৈ চৰকাৰৰ আঁচনিসমুহৰ বিষয়ে অৱগত কৰোৱাৰ লগতে এক বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিবলৈ আহ্বান জনায়। ইয়াৰোপৰি বিৰোধী দলে বিভিন্ন প্ৰলোভনেৰে দলৰ কৰ্মীসকলক বিপথে পৰিচালিত কৰিব যাতে নোৱাৰে তাৰ বাবে দুয়ো দলৰ কৰ্মী সকলক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। উক্ত সভাত উপস্থিত থাকি বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য তথা ৬৯ নং ওদালগুৰি সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে দুয়োটা দলৰে কৰ্মী সকলক উদ্দেশ্যি কয় যে দুয়োটা দলৰ কৰ্মী সকলে একেলগে কাম কৰি গলে হে আগন্তুক নিৰ্বাচনত সফলতা অৰ্জন কৰিবলৈ সহজ হৈ পৰিব। আনহাতে সাংসদ দিলীপ শইকীয়াই দলীয় কৰ্মীসকলক উৎসাহ দিবলৈ লগতে সমাগত লোকসভা নিৰ্বাচনত বিজেপিক পুনৰ চৰকাৰ গঠন কৰা পথ প্ৰশস্ত কৰিবলৈ অনুৰোধ জনায়। সাংবাদিকৰ এক প্ৰশ্নত সাংসদগৰাকীয়ে কয় যে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোটে চাৰিশতকৈও অধিক আসনত জয়লাভ কৰাৰ দিশে অগ্ৰসৰ হৈছে। লগতে দৰং ওদালগুৰি সমষ্টিটো বিপুল ভোটেৰে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে সাংসদ গৰাকীয়ে। সভাখনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত হৈ দুয়োটা দলৰ কৰ্মী সকলৰ লগত মত বিনিময় কৰে লগতে সমষ্টিৰ উন্নয়নৰ বুজ লয়। সাংবাদিক সৈতে হোৱা সাক্ষাৎকাৰত অধ্যক্ষগৰাকীয়ে সমষ্টিটোত ইতিমধ্যে বহুকেইটা আঁচনিৰ কাম আৰম্ভ হোৱা বুলি জানিব দিয়ে। সমান্তৰালভাৱে তেওঁ জনাই যে ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা পানেৰী সমষ্টিৰ অন্তৰ্গত ভেৰগাঁৱত উপস্থিত হৈ প্ৰায় ৩০০ কোটি টকাতকৈও অধিক বিনিময়েৰে বহুকেইটা আঁচনিৰ শুভাৰম্ভ কৰিব। ইয়াৰ ভিতৰত অসম মালাৰ অধীনত ভেৰগাঁৱৰ পৰা বগামাটিলৈ ১৩৫ কোটি ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া পথচোৱা আৰু ১১৫ কোটি টকা ব্যয়েৰে বেংবাৰীৰ পৰা টংলা, ভেৰগাঁও হৈ নাওকাটা সংযোগী পথ অন্যতম। ইয়ৰ উপৰি জিলাখনৰ বাদলাপাৰা আৰু টেংকীবস্তি সংযোগী ৰাইজৰ বহু প্ৰত্যাশী দলংখনো নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব লগতে আন ১৪ খন দলঙৰো যাৱতীয় কামসমুহ ইতিমধ্যে সম্পন্ন হৈছে আৰু কম সময়ৰ ভিতৰত সেইসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব বুলি জনায় অধ্যক্ষ গৰাকীয়ে।
প্ৰেৰক বাপন শৰ্মা