নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঞ্জু হাজৰিকালৈ বিৰিণা সাহিত্য বঁটা-শোণিত ভূঞালৈ বিৰিণা সংবাদ প্ৰহৰী বঁটা

দৌলাশালত বিৰিণা গোষ্ঠী অসমৰ নৱম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ প্ৰস্তুতি তুংগত
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী-অসমৰ নৱম বৰ্ষপূৰ্ণ অনুষ্ঠান ৯ মাৰ্চত নলবাৰী জিলাৰ দৌলাশালস্থিত ভাস্কৰ সামূহিক কেন্দ্ৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। কাৰ্যসূচী অনুসৰি পুৱা ৭ বজাত পৰিবেশ নিকাৰণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত পুৱা ৯ বজাত বিৰিণা গোষ্ঠী অসমৰ পতাকা উত্তোলন কৰিব গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। পুৱা ১০ বজাত অনুষ্ঠিত হ’ব ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা। পুৱা ১০:৩০ বজাত গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হ’ব প্ৰতিনিধি সভা। প্ৰতিনিধি সভাখন উদ্বোধন কৰিব গোষ্ঠীটোৰ অন্যতম উপদেষ্টা তথা সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। প্ৰতিনিধি সভাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। বিয়লি ২:৩০ বজাত অনুষ্ঠিত হ’বলগীয়া শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰিব বিশিষ্ট পণ্ডিত- গৱেষক,  বুৰঞ্জীবিদ ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই।  বিয়লি ৩ বজাত গোষ্ঠীটোৰ আন এগৰাকী অন্যতম উপদেষ্টা ৰোহিণী কুমাৰ দাসৰ সঞ্চালনাত  অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত বঁটা প্ৰদান, গ্ৰন্থ উন্মোচন,  আৰু কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। মুকলি সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ অৱনী কুমাৰ ভাগৱতী, বিশিষ্ট অতিথি হিচাপে নলবাৰী জিলাৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকা উপস্থিত থাকিব। ইয়াৰ উপৰিও আমন্ত্ৰিত অতিথি হিচাপে এপিএচ অঞ্জন পণ্ডিত, বিশিষ্ট কবি- সাহিত্যিক গোবিন্দ মালাকাৰ, লক্ষীমপুৰৰ বিশিষ্ট কবি-সাহিত্যিক কল্যাণী চক্ৰবৰ্ত্তী গগৈ আৰু বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কৌস্তভ ৰয়ে উপস্থিত থাকিব। বিৰিণা গোষ্ঠী-অসমে প্ৰতিবছৰে প্ৰদান কৰি অহা বিৰিণা সাহিত্য বঁটা আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা মুকলি সভাতে প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। এইবেলি বিৰিণা সাহিত্য বঁটা প্ৰদান কৰা হ’ব জনপ্ৰিয় ঔপন্যাসিক ৰঞ্জু হাজৰিকা আৰু বিৰিণা সংবাদ প্ৰহৰী বঁটা বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন টাইম কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাক প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে গোষ্ঠীটোৰ পাঁচগৰাকী কবি-সাহিত্যিকলৈ প্ৰদান কৰা হ’ব বিৰিণা বৈভৱ বঁটা-২০২৪। লক্ষীমপুৰৰ কবি নাজলীনা আলম, মেঘৰাম পায়েং, নগাঁৱৰ কবি হাছিনা মমতাজ, নলবাৰীৰ কবি-গল্পকাৰ ললিতা দাস আৰু বৰপেটাৰ ঔপন্যাসিক বসন্ত ঠাকুৰীয়াক প্ৰদান কৰা হ’ব বিৰিণা বৈভৱ বঁটা। ইয়াৰ উপৰিও  বিৰিণা গোষ্ঠী-অসমৰ বাৰ্ষিক কাব্য আলোচনী বৃন্তিকা, ললিতা দাসৰ কাব্যগ্ৰন্থ ক্ৰমে বিগলিত হৃদয়ৰ কবিতা আৰু বকুল ফুলৰ সুবাস বিচাৰি, গীতাঞ্জলি বৰ্মন ডেকাৰ অনুগল্প সংকলন মানৱতা আৰু ৰূমী ঠাকুৰীয়াৰ প্ৰবন্ধ সংকলন ভিন্ন মন অভিন্ন হৃদয় শীৰ্ষক পাচঁখনকৈ গ্ৰন্থ মুকলি সভাত উন্মোচন কৰা হ’ব। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বিৰিণাৰ শিল্পীবৃন্দৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী সংস্কৃতা মালাকাৰ , জেচিকা ৰাজ আৰু প্ৰিয়ম দাসে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে গোষ্ঠীটোৰ সহকাৰী সম্পাদক ক্ৰমে জয়ন্ত ডেকা আৰু সুৰজিৎ পাঠকে। বিৰিণা গোষ্ঠী-অসমৰ নৱম বৰ্ষপূৰ্ণ অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীত সকলো শ্ৰেণীৰ লোকৰ  উপস্থিতি কামনা কৰিছে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে।
প্ৰেৰক তফিকুৰ ৰহমান
You might also like