পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰিত তিনিচুকীয়াৰ ধাদুম পথাৰ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চ : অসমৰ বিভিন্ন প্ৰান্তত থকা খাল বিল, জলাশয় ইত্যাদিত এই পৰিভ্ৰমী চৰাইৰ সমাহাৰ ঘটাৰ সমান্তৰালভাৱে তিনিচুকীয়া জিলাৰো কেইবাটাও স্থানত এই দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটা দেখা যায়। বিশেষকৈ জিলাখনৰ গাতে লাগি থকা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী মাগুৰি মটাপুং বিলত প্ৰতিবছৰে বিশ্ব বিভিন্ন প্ৰান্তৰ বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমন ঘটাৰ লগতে এই ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰে নাতি দূৰৈত অৱস্থিত অন্য এক স্থান ডাঙৰীৰ ধাদুম পথাৰতো এতিয়া জাকে জাকে পৰিভ্ৰমী চৰাই আগমন ঘটিবলৈ ধৰাত এতিয়া যেন পুৱা গধূলি ভিৰ কৰিছে প্ৰকৃতিপ্ৰেমী দেশী-বিদেশী পৰ্যটকসকলেও। উল্লেখ্য যে বৃহত্তৰ ডাঙৰী অঞ্চলৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষতে অৱস্থিত ধাদুম পথাৰ বৃহত্তৰ ডাঙৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজৰ এখন বৃহৎ ধাননিৰ পথাৰ। বাৰিষাৰ সময়ত এই পথাৰতেই গাঁওবাসীয়ে ধান খেতি কৰে যদিও এই খেতি চপোৱাৰ অন্তত শূন্য পথাৰত প্ৰতিবছৰে দেশী-বিদেশী চৰাই সমাহাৰে এক মনোমোহা পৰিবেশৰ সৃষ্টি কৰি আহিছে। ধাদুম পথাৰ পৰিভ্ৰমী চৰাইৰ মুক্ত বিচৰণৰ খবৰ ক্ৰমাৎ অঞ্চলটোৰ প্ৰকৃতি প্ৰেমী ৰাইজৰ মাজত বিয়পিব ধৰাত এতিয়া এই পক্ষীকুলৰ সমাহাৰক স্বচক্ষে পৰিদৰ্শন কৰাৰ উদ্দেশ্যে জিলা খনৰ বিভিন্ন প্ৰান্তৰ প্ৰকৃতি প্ৰেমী পৰ্যটকৰ লগতে বিদেশী পৰ্যটকৰো আগমন ঘটনা পৰিলক্ষিত হৈছে। থলুৱাভাবে পোৱাৰ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰজাতিৰে চৰাইৰ উপস্থিতি এই ধাদুম পথাৰত দেখিবলৈ পোৱাৰ সমান্তৰালভাৱে বিশেষকৈ চাইবেৰিয়াৰ পৰা অহা জাক জাক “কৰ্চন” “দেও কৰ্চন” পক্ষী”ৰ লগতে লাডাখৰ পৰা অহা “চাকৈ চকুৱা”, চীন দেশৰ পৰা অহা “চাইনিজ পণ্ড হেৰণ” ইত্যাদি ইত্যাদিকে ধৰি কেইবিধো পৰিভ্ৰমী পক্ষীৰ কলৰেবে মুখৰিত ধাদুম পথাৰৰ মনোমোহা পৰিবেশে এতিয়া যেন হাত বাউল দি মাতিব ধৰিছে প্ৰতিজন প্ৰকৃতি প্ৰেমী পৰ্যটককে। পথাৰৰ মাজত চকুত লগাকৈ ৰৈ থকা জাক জাক পৰিভ্ৰমী পক্ষীয়ে এতিয়া আপ্লুত কৰি তুলিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যোৱা প্ৰতিজন পথাচাৰিকে। বৃহত্তৰ ডাঙৰী অঞ্চলৰ ধাদুম পথাৰত পৰিভ্ৰমী পক্ষীৰ লগতে দেশী-বিদেশী পৰ্যটকৰো আগম ঘটিলৈ ধৰাত এইয়া বৃহত্তৰ অঞ্চলটোৰ বাবে নিশ্চয়কৈ এক আশাৰ বতৰা হিচাপ বিবেচিত হৈছে। বৃহত্তৰ অঞ্চলটো ৰাইজৰ সজাক সচেতনতাই অঞ্চলটোক পৰ্যটনৰ দিশত অনাগত দিনত দুখোজ আগবঢ়াই দিব বুলি আশা কৰিব পাৰি।
প্ৰেৰক ঋতুপৰ্ণ সোনোৱাল