নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান

ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা নিবেদন
নলবাৰী ৰাজহুৱা শ্মশানত শেষ শ্ৰদ্ধা নিবেদন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
বিশেষ বাৰ্তা, ৪ মাৰ্চঃ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতিভূ বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন ৰাজ্যিক শিক্ষা মন্ত্ৰী, নলবাৰী কলেজৰ অৱসৰী অধ্যাপক, প্ৰবীণ নাট্য শিল্পী ৰমণী বৰ্মন আৰু নাই। নলবাৰীৰ বিদ্যাপুৰৰ ভাৰাঘৰত যোৱা কিছুদিন ধৰি অসুস্থ অৱস্থাৰে জীৱন অতিবাহিত কৰা ৰমণী বৰ্মনে অৱশেষত আজি পুৱা প্ৰায় ৬ বজাত ইহসংসাৰৰ পৰা বিদায় লয়। ৮৭ বছৰ বয়সত জীৱন যুঁজৰ পৰা মেলানি মগা বিশিষ্ট ৰাজনীতিক, সংগ্ৰামী নেতা, সমাজকৰ্মীগৰাকীৰ দেহাৱসানৰ খবৰে শোকস্তদ্ধ কৰি তোলে নলবাৰীৰ বৌদ্ধিক, ৰাজনীতিক, সাংস্কৃতিক, সংগ্ৰামী ক্ষেত্ৰখনত।ধৰাৰ বুকুৰ পৰা চিৰবিদায় লোৱা বৰ্মনৰ মৃত্যৰ খবৰ বিয়পি পৰাৰ পিছতেই অসংখ্য গুনমুগ্ধৰ ভাড়াঘৰলৈ সোঁত বয়। তাতেই গুনমুগ্ধসকলে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। উল্লেখ্য যে ১৯৭৪ চনত অসমত যেতিয়া জনতা দলৰ চৰকাৰ আছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ আসনত বহিছিল প্ৰয়াত গোলাপ বৰবৰা ৷ সেই চৰকাৰৰ শিক্ষা আৰু গৃহ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী আছিল ৰমণী বৰ্মন।ভাৰতৰ সমাজবাদী আন্দোলনৰ অক্লান্ত কৰ্মী আৰু সামাজিক মূল্যবোধত বিশ্বাসী ৰাজনীতিক ৰমনী বৰ্মনে ১৯৫৭ চনতেই কলেজীয়া ছাত্ৰ হৈ থকা অৱস্থাত তেল শোধানাগাৰ আন্দোলনত জড়িত হৈ পৰিছিল। ১৯৭৫ চনত জৰুৰীকালীন অৱস্থাত ঊনেশ মাহ জেলত আবদ্ধ হৈ থাকিব লগা হৈছিল। ১৯৭৮ চনত পশ্চিম নলবাৰী বিধানসভা সমষ্টি (বৰ্তমান ধৰ্মপুৰ সমষ্টি)ৰ পৰা জনতা দলৰ পৰা নিবাচনত প্ৰতিদ্বন্দিতা কৰি প্ৰথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈ গোলাপ বৰবৰা মন্ত্ৰীসভাৰ ৰাজ্যিক শিক্ষা, গৃহমন্ত্ৰীৰ দায়িত্ব লাভ কৰে৷ নলবাৰী কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক, সদৌ অসম কলেজ শিক্ষক সন্থাৰ তিনিবাৰকৈ সভাপতি, এন এফ ৰেলৱে ‌মজদুৰ ইউনিয়নৰ প্ৰাক্তন সভাপতি, শেহতীয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই অনাৰ বাবে চিকিৎসালয় সুৰক্ষা সমিতিৰ নেতৃত্বত চলি থকা আন্দোলনৰ অন্যতম তথা সমিতিৰ উপদেষ্টা আছিল অধ্যাপক ৰমণী বৰ্মন। এইগৰাকী অধ্যাপক ৰমণী বৰ্মনে পত্নী, পুত্ৰক হেৰোৱাৰ পিছত এতিয়া তেওঁৰ আন এগৰাকী পুত্ৰ সংগী হৈ পৰিছিল। ওৰেটো জীৱন মূল্যবোধৰ ৰাজনীতি কৰা, জনসেৱাৰ বাবে সৰ্বস্ব উজাৰি দিয়া এইগৰাকী অশীতিপৰ ৰাজনীতিক ৰমণী বৰ্মনে ‘ইতিহাসৰ পাত লুটিয়াই হৃদয়ৰ সংলাপ’ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰি থৈ গৈছে। ৰমণী বৰ্মনলৈ সৌদিনা আগবঢ়োৱা হৈছে জীৱন শিল্পী আদ্য শৰ্মা বঁটা। নলবাৰী আৰ্ট স্কুলে যোৱা ২২ ফেব্ৰুৱাৰীত প্ৰদান কৰিছে এই বঁটা। অসুস্থতাৰ মাজতে তেওঁক আৰ্ট স্কুলে ভাড়াঘৰত গৈ উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ভাৰতৰ সমাজবাদী আন্দোলনৰ একান্ত অনুগামী আৰু সামাজিক মূল্যবোধত বিশ্বাসী ৰাজনৈতিক নেতা বৰ্মনে ১৯৫৭ চনত কলেজীয়া ছাত্ৰ হৈ থকা সময়ত সমাজবাদী নেতৃবৃন্দৰ পৰিচালনাত অসমত চলা তেল শোধানাগাৰ আন্দোলনত জপিয়াই পৰিছিল। সেই সময়তেই অসমৰ সমাজবাদী নেতা হেম বৰুৱা, হৰেশ্বৰ গোস্বামী,বিশ্ব গোস্বামী, গোলাপ বৰবৰা, লক্ষ্যধৰ চৌধুৰী আদি বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিল।নলবাৰী জিলাৰ নলিচা গাঁৱত জন্ম গ্ৰহণ কৰা বৰ্মনে পিতৃৰ কৰ্ম সূত্ৰে ধমধমা, চামতা, গৰ্ডনৰ পৰা প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৪ চনত তেওঁ টিহু হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ নলবাৰী কলেজৰ পৰা আই এ আৰু ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ জাগাৰা হাইস্কুলত কিছুদিনৰ বাবে শিক্ষকতা হিচাপে সেৱা আগবঢ়াইছিল। বৰ্মনে ১৯৫৯ চনত বি এ ডিগ্ৰী লাভ কৰাৰ সময়লৈকে সুদীৰ্ঘ দিনকেইটা নলবাৰী কলেজ তথা কলেজ হোষ্টেলৰ আবাসীকৰূপে আৰু অৱশেষত হোষ্টেল মনিটৰৰূপে অতিবাহিত কৰে।১৯৬৩ চনত নলবাৰী কলেজত ৰাজনীতি বিজ্ঞান বিভাগৰ শিক্ষকতাৰ পদত যোগদান কৰি ১৯৯৯ চনলৈ অধ্যাপনা কৰি মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহন কৰে। উগ্ৰপন্থীৰ গুলীত সৰুপুত্ৰক অকালতে হেৰুওৱাৰ পিছত ২০১৩ চনত এইগৰাকী স্থিতপ্ৰজ্ঞ ৰাজনীতিবিদে পত্নী আৰতীক হেৰুৱাই বুকুত বহু দুখ কঢ়িয়াই ফুৰিব লগা হয়। অকল শিক্ষা আৰু ৰাজনীতিৰ ক্ষেত্ৰখনতেই জড়িত নাছিল বৰ্মন। তেওঁ ১৯৬৯ চনত তেওঁৰেই জ্যেষ্ঠ ভাতৃ বিশিষ্ট বোলছবি নিৰ্মাতা গৌৰী বৰ্মন প্ৰযোজিত ‘অপৰাজেয়’ নামৰ ছবিখনত ৰাখী বিশ্বাসৰ লগত কাম কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ পিছত ‘হৃদয়ৰ প্ৰয়োজন’, ‘আপোনজন’ ‘যুগে যুগে সংগ্ৰাম’ নামৰ আন তিনিখন ছবিত অভিনয় কৰিছিল। বোলছবিৰ লগতে সেই সময়ত বহু মঞ্চ নাটকৰ সফল অভিনেতা আছিল ৰমণী বৰ্মন। পঞ্চম শ্ৰেনীত পঢ়ি থকা সময়তেই তেওঁ সৰু ল’ৰাৰ ভাওত অভিনয় কৰি অভিনয় ক্ষেত্ৰত দক্ষতাৰ পৰিচয় দিছিল।অসমৰ বিভিন্ন প্ৰান্তৰ ৰঙ্গ মঞ্চৰ লগতে নলবাৰী নাট্য মন্দিৰতো কেবাখনো নাটকত অভিনয় কৰিছিল।সৰ্বভাৰতীয় পৰ্যায়ৰ অভিনেত্ৰী ৰাখী বিশ্বাসে বৰ্মনক নৈৰ পানীৰ পৰা উদ্ধাৰ কৰিছিল। বৰপেটাত নাটক কৰিবলৈ যাওঁতে বেঁকী নদীত দুখন নাৱৰ মাজত হোৱা সংঘৰ্ষত পানীত পৰি যোৱা বৰ্মনক পানীত জাঁপ দি ৰাখীয়ে উদ্ধাৰ কৰিছিল। অধ্যাপক বৰ্মনে ‘ইতিহাসৰ পাত লুটিয়াই হৃদয়ৰ সংলাপ’ আৰু ‘সমাজবাদী আন্দোলন আৰু অসমৰ অক্লান্তযোদ্ধা কেইগৰাকীমান’। এই দুয়োখন গ্ৰন্থতেই অধ্যাপক বৰ্মনৰ জীৱনৰ বহু দিশ উন্মোচন হৈছে। বিশিষ্ট শিক্ষাবিদ, সু সাহিত্যিক নলবাৰী কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ত্ৰৈলোক্যনাথ গোস্বামী, উমাকান্ত শৰ্মাৰ অখণ্ডনীয় যুক্তিসন্মত অবিৰত প্ৰচেষ্টাত চ’চিয়েলিষ্ট পাৰ্টিত যোগদান কৰি ১৯৫২ চনত অধ্যাপক বৰ্মনে প্ৰথম সাধাৰণ নিৰ্বাচনত প্ৰতাদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত ১৯৭৭ চনত চ’চিয়েলিষ্ট পাৰ্টিটো অন্যান্য বিৰোধি দলৰ লগত একত্ৰিত হৈ জনতা পাৰ্টিলৈ ৰূপান্তৰিত হৈ কেন্দ্ৰত মোৰাৰজী দেশাইৰ নেতৃত্বত জনতা পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পিছত অসমতো ১৯৭৮ চনত গোলাপ বৰবৰাৰ নেতৃত্বত জনতা পাৰ্টিৰ চৰকাৰ হয় আৰু বৰ্মন বৰবৰা মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰে। এইগৰাকী বিশিষ্ট ব্যক্তিৰ নশ্বৰদেহ ভাড়াঘৰৰ পৰা নলবাৰী কলেজ, নলবাৰী আইন মহাবিদ্যালয়লৈ নিয়াৰ পিছত নিজা বাসগৃহস্থলীলৈ যোৱা হয়। তাৰ পৰা নলবাৰী জিলা সাহিত্য সমাজ, নলবাৰী নাট্য মন্দিৰ চৌহদলৈ নিয়া হয় আৰু তাতেই নলবাৰী ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদন কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। নলবাৰী নাট্য মন্দিৰ চৌহদত আয়োজিত অনুষ্ঠানত প্ৰবীন সাংবাদিক হাইদৰ হুছেইন, নাট্যকাৰ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা, শিক্ষাবিদ ফণীধৰ ডেকা, সচেতন নাগৰিক মঞ্চৰ বিৰাজ মল্ল বুজৰবৰুৱা, শিক্ষাবিদ দীনমণি ভাগৱতী, কংগ্ৰেছ নেতা দিব্যজ্যোতি হালৈ, সমাজসেৱী জ্ঞানেন চক্ৰৱৰ্তী, নলবাৰী চেম্বাৰ্চ অব কমাৰ্চৰ সভাপতি বিজয় কুমাৰ শৰ্মা, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰভাত চন্দ্ৰ ডেকা,ন-পুৰণি শিল্পীৰ ধ্ৰুৱ বৰ্মন, নলবাৰী জিলা সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মা, নলবাৰী আৰ্ট স্কুলৰ হৈ নৃপেন্দ্ৰ কুমাৰ শৰ্মা, শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ অধীক্ষক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকা, জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজ উদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, বাঁওপন্থী নেতা ৰবীন মিশ্ৰ, আছু নেতা অক্ষয় ডেকা, লেখক ৰফিউল হুছেইন বৰুৱা, ৰে’লৱে মজদুৰ ইউনিয়নৰ নেতা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি, অসম প্ৰদেশ সাংবাদিক সন্থাৰ নলবাৰী জিলা সমিতি, নলবাৰী জিলা কংগ্ৰেছ কমিটি, অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতি, বিজেপিৰ নলবাৰী জিলা সমিতি, নলবাৰী কলেজ, এমএনচি বালিকা মহাবিদ্যালয়, নলবাৰী জিলা সাহিত্য সভা, নলবাৰী জিলা সাহিত্য সমাজৰ লগতে কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি তথা ভালেসংখ্যক গুণমুগ্ধই অন্তিম শ্ৰদ্ধা নিবেদন কৰে। তাৰ পৰা নলবাৰীৰ ৰাজহুৱা শ্মশানলৈ নিয়া হয় বৰ্মনৰ নশ্বৰদেহ।
ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা
নলবাৰী ৰাজহুৱা শ্মশানত প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনক ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জনোৱা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস, অতিৰিক্ত জিলা আয়ুক্ত চয়নিকা ঠাকুৰীয়া, বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ উপস্থিত থাকে। ইফালে, শ্মশানস্থলীতে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰাক্তন মন্ত্ৰী গৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।
ভাড়াঘৰত শেষ শ্ৰদ্ধা নিবেদন অসংখ্যৰ..
ভাড়াঘৰত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, জিলা সাহিত্য সভাৰ সভাপতি লীনা ডেকা, শিক্ষাবিদ ৰজত ডেকা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ সভাপতি ডঃ নাৰায়ন চন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক জিতেন্দ্ৰ কুমাৰ জৈন,নলবাৰী কলেজৰ সহযোগী অধ্যাপক ৰঞ্জনা ভট্টাচাৰ্য, অনন্ত ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱা, সহযোগী অধ্যাপক তথা লেখক সুশান্ত কাশ্যপকে ধৰি ভালেসংখ্যক গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
ৰাজহুৱা শ্মশানত শেষ শ্ৰদ্ধা নিবেদন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ
নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই আজি দুপৰীয়া নলবাৰীৰ ৰাজহুৱা শ্মশানত উপস্থিত হৈ প্ৰবীণ ৰাজনীতিক, বিশিষ্ট শিক্ষাবিদ ৰমণী বৰ্মনলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like