উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ট্ৰাম্পেট ইন্টাৰচেঞ্জৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত হ’বলগীয়া ট্ৰাম্পেট ইন্টাৰচেঞ্জৰ আজি এক মাঙ্গলিক কাৰ্য্যসূচীৰে শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ গুৱাহাটী গৌৰীপুৰ টি জংচনত ট্ৰাম্পেট ইন্টাৰচেঞ্জৰ শিলান্যাস উন্মোচন আৰু ভূমি পূজন কৰি কয় যে এই ট্ৰাম্পেট ইন্টাৰচেঞ্জটো সম্পূৰ্ণ হৈ উঠাৰ পিচত উত্তৰ গুৱাহাটী, আমিনগাঁও অঞ্চলৰ চেহেৰাই সলনি হৈ যাব। দিল্লী মুম্বাইৰ আৰ্হিত অসমত হ’বলগীয়া প্ৰথমখন ট্ৰাম্পেট ইন্টাৰচেঞ্জে পৰ্য্যটনৰ দিশটো অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। এছ পি ছিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোৰ দৈৰ্ঘ ৫৫৮৮ মিটাৰ আৰু প্ৰকল্পটো নিৰ্মাণৰ মুঠ ব্যয় ৪০৭.৫০ কোটি টকা হ’ব বুলি উল্লেখ কৰে। প্ৰকল্পটো ২০২৫ চনৰ ৪ জুলাইত সম্পূৰ্ণ কৰি উলিয়াব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। এই পথটো সম্পূৰ্ণ হৈ উঠাৰ পিচত গুৱাহাটী-উত্তৰ গুৱাহাটী মাজৰ যোগাযোগ ব্যৱস্থা অতি সুচল হোৱাৰ লগতে গুৱাহাটী মহানগৰীৰ যান জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে সময়ৰো বহুত ৰাহি হ’ব বুলি কয়। উক্ত সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ ৰাইজক মাটি বিক্ৰী নকৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে মানুহ সমস্যাত পৰিলেও সেই সমস্যাৰ সমাধান অন্য প্ৰকাৰে কৰাৰ চেষ্টা কৰিব তথাপি নিজৰ মাটি-বাৰী বিক্ৰী নকৰিব নহ’লে এটা সময়ত মাটি বিক্ৰী কৰাসকলে পস্তাব লাগিব। এই সভাৰ পৰাই মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ দালালসকলকো সকীয়নি দিয়ে। মাটিৰ দালালসকল সাৱধান নহ’লে সময়ত তেওঁলোকো বিপদৰ সন্মুখীন হ’ব লাগিব বুলি কঠোৰ সকীয়নি দিয়ে মাটিৰ দালালসকলক। অনুষ্ঠানত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহল আৰু বিভাগীয় উচ্চ পৰ্য্যায়ৰ বিষয়াসকলো উপস্থিত থাকে।
প্ৰেৰক মুনীন ডেকা