নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭-৮ মাৰ্চত বিজেপিৰ দ্বিতীয় প্ৰাৰ্থী তালিকা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ বিজেপিয়ে ২ মাৰ্চত লোকসভা নিৰ্বাচনৰ ১৯৫গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। দলটোৱে এতিয়া দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে। এই সন্দৰ্ভত আজি বিজেপিৰ মূল সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত পঞ্জাৱ, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ বাকী আসনসমূহৰ বিষয়ে আলোচনা কৰা হ’ব। এই বৈঠকত উপস্থিত থাকিব বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰথম তালিকাৰ দৰে এইবাৰে বহু নেতাই প্ৰাৰ্থিত্ব নাপাব বুলি ধাৰণা কৰা হৈছে। তথ্য অনুসৰি এই বৈঠকত দলে দ্বিতীয়খন তালিকাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব। ৭ বা ৮ মাৰ্চত দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব পাৰে দলটোৱে। এই তালিকাত উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তেলেংগানা, ৰাজস্থানকে ধৰি বহু ৰাজ্যৰ প্ৰাৰ্থীৰ নাম থাকিব পাৰে।

You might also like