১০ মাৰ্চত ঢকুৱাখনাৰ ফাটবিহুৰ সাধাৰণ সভা
নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : অসমীয়া জাতিৰ প্ৰাণস্পন্দন ব’হাগ বিহুৰ আনুষ্ঠানিক উদযাপনৰ ক্ষেত্ৰত অসমৰ ভিতৰত অনন্য আৰু একক ঢকুৱাখনাৰ ঐতিহাসিক ফাটবিহু। অসমৰ লোকসংস্কৃতিত অনন্য স্থান দখল কৰা ঢকুৱাখনাবাসীৰ প্ৰাণৰ উৎসৱ এই ফাটবিহু উদযাপনৰ তৎপৰতা আৰম্ভ হৈছে। আহোম ৰাজত্বকালৰে পৰাই স্বকীয় পৰম্পৰা আৰু ধাৰাবাহিকতা অব্যাহত ৰাখি ২০২৪ বৰ্ষত ঐতিহাসিক ফাটবিহু উদযাপনৰ হেতু সাধাৰণ সভা আহ্বান কৰিছে ফাটবিহু সমিতিয়ে।সেই উদ্দেশ্যেৰে ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ ফাটবিহু বাকৰিত অহা ১০ মাৰ্চ দেওবাৰে দিনৰ ১১ বজাত এখন সাধাৰণ পৰিষদৰ সভা আহ্বান কৰিছে ফাটবিহু সমিতিয়ে।ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া আৰু সম্পাদক ভাস্কৰ দাসে জনোৱা মতে উক্ত দিনা অনুষ্ঠিত হ’বলগীয়া এই সভাতেই ২০২৪ বর্ষৰ ফাটবিহু উদযাপনৰ বাবে এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হ’ব আৰু উদযাপনৰ দিনো নিৰ্ধাৰণ কৰা হ’ব।সেয়ে উক্ত সভাত ফাটবিহুৰ সাধাৰণ পৰিষদৰ সকলো সদস্য-সদস্যাৰ উপস্থিতি আৰু দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে ফাটবিহু সমিতিয়ে।
প্ৰেৰক পুলকজ্যোতি বৰা