নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পবিতৰা অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণৰ বিৰোধিতাৰে প্ৰতিবাদ স্থানীয় লোকৰ

নিয়মীয়া বাৰ্তা, জাগীৰোড ৬ মাৰ্চঃ মায়ঙত প্ৰতিবাদমুখৰ স্থানীয় ৰাইজ। সহস্ৰাধিক পুৰুষ-মহিলাৰ তেজ দিম, মাটি নিদিওঁ ধ্বনিৰে উত্তাল চৌদিশ। পবিতৰা অভয়াৰণ্যৰ সীমা নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা। শেহতীয়াকৈ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি পবিতৰা অভয়াৰণ্যৰ চাৰিসীমাৰ জৰীপৰ বাবে অহা ৰাজহ আৰু বন বিভাগৰ দলৰ তীব্ৰ বিৰোধিতা স্থানীয় ৰাইজৰ। স্থানীয় প্ৰতিবাদী জনতা অভয়াৰণ্যখন নতুনকৈ সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰি ৰাইজে গঢ়া এখন অৰণ্যত এনে মইমতালি কোনো পধ্যেই সহ্য কৰা নহ’ব বুলি সকীয়াই দিয়ে। আনহাতে এই নতুন সীমা নিৰ্ধাৰণৰ দ্বাৰা স্থানীয় লোকসকলে নিজৰ ভূমি হেৰুওৱাৰ আশংকা প্ৰকাশ কৰি জৰীপ কৰিবলৈ অহা দলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কৰ্তৃপক্ষই যদি শীঘ্ৰেই এই কাৰ্য বন্ধ নকৰে তেনেহ’লে অনাগত দিনত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। উল্লেখ্য যে ৰাইজৰ প্ৰতিবাদৰ বাবে বনবিভাগ আৰু ৰাজহ বিভাগৰ দলটি জৰীপ নকৰি উভতি যায়। ইতিমধ্যে স্থানীয়ে ৰাইজে জিলা আয়ুক্ত আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰীকাক বিষয়টো অৱগত কৰিছে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like