৪৮ মিনিটত ৩ বিলিয়ন ডলাৰ হেৰুৱালে মার্ক জুকাৰবার্গে
🔹 বিশ্বজুৰি ফেচবুক-ইনষ্টাগ্রামৰ অচলাৱস্থা
বিশেষ বাৰ্তা, ৭ মার্চ : মেটা কোম্পানীৰ ধ্বজাবাহী মঞ্চ ফেচবুক আৰু ইনষ্টাগ্রামৰ একাউণ্ট পৰহি নিশা ৪৮ মিনিটৰ বাবে বিসংগতিৰ সন্মুখীন হয়৷ এই ৪৮ মিনিটতে মেটাৰ স্বত্বাধিকাৰী মার্ক জুকাৰবার্গে প্রায় তিনি বিলিয়ন মার্কিন ডলাৰ হেৰুৱাবলগীয়া হয়৷ পৰিণতিত মার্ক জুকাৰবার্গৰ সম্পত্তিৰ পৰিমাণ তিনি বিলিয়ন মার্কিন ডলাৰ হ্রাস পাই ১৭৩ বিলিয়ন মার্কিন ডলাৰ হয়গৈ৷ লক্ষণীয় যে পৰহি ব্লুমবার্গ বিলিয়নাৰ ইনডেক্সৰ তালিকাত চতুর্থ স্থান লাভ কৰা মার্ক জুকাৰবার্গৰ সম্পত্তিৰ পৰিমাণ আছিল ১৭৬ বিলিয়ন মার্কিন ডলাৰ৷ পৰহি নিশা ৯.১০ বজাৰ পৰা ৯.৫৮ বজালৈ বিশ্বজুৰি ফেচবুক আৰু ইনষ্টাগ্রামৰ একাউণ্টত নিজে নিজে লগআউট হৈ যায়৷ অর্থাৎ কোটি কোটি গ্রাহকৰ ফেচবুক আৰু ইনষ্টাগ্রাম একাউণ্ট লগআউট হৈ বিসংগতি হোৱাৰ ফলত মেটা কোম্পানীৰ তিনি বিলিয়ন মার্কিন ডলাৰ লোকচান হয়৷ লগে লগে মেটাৰ শ্বেয়াৰ ১.৬ শতাংশ নিম্নগামী হয়৷