ঢলপুৰ খণ্ড প্ৰাথমিক-সামূহিক স্বাস্থ্যকেন্দ্ৰৰ “কায়কল্প” পুৰস্কাৰ লাভ
স্বাস্থ্যখণ্ডত উজলিছে নাৰায়ণপুৰৰ ঢলপুৰ
নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : চৰকাৰী স্বাস্থ্য খণ্ডত জনসাধাৰণক উন্নত চিকিৎসা প্ৰদান আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰে সেৱা আগবঢ়োৱাৰ বাবে মান নিৰূপণত বিগত দিনৰ দৰে এইবাৰো লখিমপুৰ জিলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ জিলাখনৰ পশ্চিমাঞ্চলত অৱস্থিত ঢলপুৰ খণ্ড প্ৰাথমিক-সামূহিক স্বাস্থ্যকেন্দ্ৰৰ অন্তগৰ্ত ৫খন চিকিৎসালয় ক্ৰমে ঢলপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ , নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়, শিমলুুগুৰি চিকিৎসালয়, খেৰাজখাট চিকিৎসালয় আৰু ভোলাবৰী চিকিৎসালয়ে বিগত বৰ্ষৰ দৰে ২০২২-২৩ বৰ্ষৰ “কায়কল্প” পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ চিকিৎসালয়সমূহৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সেৱাৰ মানদণ্ডৰ ওপৰত নিৰ্ধাৰণ কৰি এই কায়কল্প বঁটা প্ৰদান কৰা হয়৷ উল্লেখ্য যে ঢলপুৰ চিকিৎসালয়খনে বিগত ৫ বছৰ ধৰি একেৰাহে এই কায়কল্প বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰোপৰি খণ্ড প্ৰাথমিক চিকিৎসালয়খনৰ অন্তৰ্গত ১০টা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰই এই কায়কল্প বঁটা বিজয়ী হ’বলৈ সক্ষম হৈছে৷ এইসমুহ হ’ল জৰাবাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ , মাজৰচাপৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, বালিপুখুৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ,জামুগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, বৰবিল মাজগাঁও স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, বৰথেকেৰা বাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ , স্বয়ং পাতিৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ, ২ নং ধেমাগড় স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ আৰু শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ ৷ আনহাতে শিলিখাগুৰি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ আয়ুষ্মান আৰোগ্য মন্দিৰে NQAS (NATIONAL QUALITY ASSURRANCE STANDARD ) চাৰ্টিফিকেট লাভ কৰিৱলৈ সক্ষম হৈছে৷ এই স্বীকৃতি লখিমপুৰ জিলাৰ ভিতৰত কেৱল শিলিখাগুৰিয়ে পাবলৈ সক্ষম হৈছে৷ লখিমপুৰ জিলাখনৰ ঢলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই BEST BLOCK AWARD লাভ কৰিবলৈ সক্ষম হৈছে৷ ঢলপুৰ সামুহিক চিকিৎসালয় আৰু নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়ে এই বঁটাৰ বাবদ এক লাখ টকা আৰু ভোলাবৰী , শিমলুগুৰি আৰু খেৰাজখাট চিকিৎসালয়ে পঞ্চাশ হাজাৰকৈ টকা লাভ পৰাৰ লগতে স্বাস্থ্যকেন্দ্ৰ সমুহ পশিছ হাজাৰকৈ টকা লাভ কৰিবলৈ সক্ষম হয় ৷ এইক্ষেত্ৰত ঢলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ মহকুমা স্বাস্থ্য-চিকিৎসা বিষয়া ডা কিৰণ চন্দ্ৰ চেতিয়া, ব্লক প্ৰগেম মেনেজাৰ নিলাক্ষী শইকীয়া বৰা, উপ অধীক্ষক ডা শুভলক্ষ্মী দেউৰী, ডাঃ নৱজ্যোতি তালুকদাৰৰ লগতে ব্লক ফাৰ্মাচিষ্ট হিমাংশু হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰিছে স্বাস্থ্যকেন্দ্ৰ চিকিৎসালয় আৰু স্বাস্থ্য উপকেন্দ্ৰসমূহৰ সকলো স্বাস্থ্যকৰ্মী আৰু ৰাইজে ৷
প্ৰেৰক চন্দন শইকীয়া