নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত-গিলৰ শতকেৰে ধৰমশালা টেষ্টত চালকৰ আসনত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মাৰ্চঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে ধৰমশালাত খেলি থকা পঞ্চম তথা অন্তিমখন টেষ্টত চালকৰ আসনত উপবিষ্ট হৈছে টীম ইণ্ডিয়া৷ ইংলেণ্ডৰ প্রথম ইনিংছৰ ২১৮ ৰানৰ প্রত্যুত্তৰত অধিনায়ক ৰোহিত শর্মা আৰু শুভমন গিলৰ দর্শনীয় শতকৰ সহায়ত ভাৰতে আজি দ্বিতীয় দিনৰ খেলৰ অন্তলৈকে প্রথম ইনিংছত ৮টা উইকেট হেৰুৱাই ৪৭৩ ৰান সংগ্রহ কৰিছে৷ দিনান্তত কুলদীপ যাদৱে ২৭ আৰু যশপ্রীত বুমৰাহে ১৯ ৰান কৰি ক্রিজত আছে৷ হাতত দুটা উইকেট থকা অৱস্থাত ৰোহিত বাহিনীয়ে প্রথম ইনিংছত ২৫৫ ৰানৰ বৃহৎ অগ্রগতি লাভ কৰিছে৷ প্রথমদিনা ১ উইকেটত কৰা ১৩৫ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি সুন্দৰ আৰম্ভণি কৰে ভাৰতীয় দলটোৱে৷ আগদিনাৰ অপৰাজিত বেটাৰদ্বয় ৰোহিত শর্মা আৰু শুভমন গিলৰ চমকপ্রদ শতকৰ সহায়ত ভাৰতীয় দলটো সন্মানজনক স্থিতিত উপনীত হয়৷ দ্বিতীয় উইকেটত দুয়োৰে মাজত ১৭১ ৰান সংগ্রহ হয়৷ আগদিনা ৫২ ৰানত বেটিং কৰি থকা অধিনায়ক ৰোহিত শর্মাই আজি টেষ্ট কেৰিয়াৰত চর্তুদশটো শতক অর্জন কৰে৷ আজি ১০৩ ৰানত আউট হোৱা ৰোহিত শর্মাৰ এইটো আছিল চলিত টেষ্ট শৃংখলাৰ দ্বিতীয়টো শতক৷ ইফালে আগদিনা ২৬ ৰানত অপৰাজিত হৈ থকা গিলে আজি আক্রমণাত্মক খেল খেলি টেষ্ট কেৰিয়াৰত চতুর্থটো শতক অর্জন কৰে৷ চলিত টেষ্ট শৃংখলাটোত দ্বিতীয়টো শতক অর্জন কৰা গিলে ১৫০টা বলত ১১০ ৰান কৰি বিদায় লয়৷ ইফালে অভিষেক টেষ্টতে অর্ধশতকীয় ইনিংছ খেলে দেৱদূত পাড়িকালে৷ ১০৩টা বলত ১০টা চাৰি আৰু এটা ছয়েৰে ৬৫ ৰান কৰি আউট হয়৷ আনহাতে ছৰফৰাজ খানেও অর্ধ শতকীয় ইনিংছ খেলি সমালোচকক যোগ্য প্রত্যুত্তৰ দিয়ে৷ ছৰফৰাজে ৬০টা বলত ৮টা চাৰি আৰু ১টা ছয়েৰে ৫৬ ৰানৰ অৱদান আগবঢ়ায়৷ ছৰফৰাজ আৰু পাড়িকালে চতুর্থটো উইকেটত ১০৩ ৰান সংগ্রহ কৰি টীম ইণ্ডিয়াক শক্তিশালী স্থিতিত উপনীত কৰায়৷ জাদেজা, ধ্রুৱ জুৰেল আৰু অশ্বিনে বিশেষ অৰিহনা আগবঢ়োৱাত ব্যর্থ হয়৷ জাদেজা আৰু জুৰেল উভয়ে ১৫ ৰান তথা অশ্বিনে কোনো ৰান নকৰাকৈ বিদায় লয়৷ শেষৰ পিনে কুলদীপ আৰু যশপ্রীতে নৱম উকেটত অপৰাজিতভাৱে ৪৫ ৰান সংগ্রহ কৰি ভাৰতীয় দলটোক চালকৰ আসনত উপবিষ্ট কৰায়৷ ইংলেণ্ডৰ হৈ সফল বলাৰৰূপে পৰিগণিত হয় ছোৱাইব বছিৰ৷ স্পিনাৰগৰাকীয়ে সর্বাধিক ৪টা উইকেট লাভ কৰাৰ লগতে ট’ম হার্টলেই দুটা, এণ্ডাৰছন আৰু ষ্ট’কছ উভয়ে এটাকৈ উইকেট লাভ কৰে৷

You might also like