আজি ১০ মার্চ, ফাগুন মাহৰ ২৬ তাৰিখ
দেওবাৰ : তিথি– অমাৱস্যা, নক্ষত্র : পূর্ব্বভাদ্রপদ, যাত্রা : শুভ অমৃতযোগ
মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মানপ্রাপ্তিৰ যোগ৷ দিনটোত পুৰণি বন্ধু লগ পাব পাৰে৷ মংগলৰ অশুভ প্রভাৱৰ ফলত ৰক্তপাতৰ যোগ, গতিকে দিনটোত সাৱধানতা আৱলম্বন কৰিব৷ দাম্পত্যত অশান্তি, বিদ্যার্থীৰ শুভ ফলদায়ক৷
বৃষ : সামাজিক কামত সাফল্য আহিব৷ প্রয়োজনত বন্ধুৰ সহায়–সহযোগ লাভ কৰিব৷ নিজৰ দোষত জটিল সমস্যাত পৰিব পাৰে৷ সন্তানৰ কর্মপ্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ মানসিক আনন্দ লাভ৷ দিনটোত নতুন ব্যৱসায়ৰ আৰম্ভণি কৰিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷
মিথুন : কর্মক্ষেত্রত অপ্রত্যাশিতভাৱে জটিলতা দেখা দিব পাৰে৷ দিনটোত শত্রুৱে ক্ষতিৰ চেষ্টা কৰিব৷ গতিকে শত্রুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব৷ দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে৷ দিনটোত আনৰ উপকাৰ কৰিও নাম নাপাব৷ বিদ্যার্থীৰ বাধা থাকিব৷ দাম্পত্যত শান্তি থাকিব৷
কর্কট : কর্মক্ষেত্রত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে৷ চাকৰিৰ ক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ৷ মানসিক আঘাত পাব পাৰে৷ ভ্রমণত বিঘিনি ঘটিব পাৰে৷ গতিকে আজি ভ্রমণ নকৰাই ভাল হ’ব৷ উচ্চ বিদ্যা লাভৰ বাবে বিদ্যার্থীৰ বাহিৰলৈ যোৱাৰ যোগ৷ প্রেমত সাফল্য আহিব৷
সিংহ : পৰিকল্পিত অগ্রসৰৰ ক্ষেত্রত বাধা পৰিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম৷ ব্যৱসায়ত পৰিধি বিস্তাৰ লাভৰ যোগ৷ ওচৰ–চুবুৰীয়াৰ লগত কিবা বিষয় লৈ মত বিৰোধ হ’ব পাৰে৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷ উচ্চ বিদ্যার্থীৰ অপ্রত্যাশিতভাৱে বাধা পৰিব পাৰে৷
কন্যা : দৈনন্দিন কর্মত সাফল্য আহিব৷ কাজিয়া–পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে৷ সন্তানৰ দ্বাৰা পিতৃ–মাতৃৰ সন্মান বৃদ্ধিৰ যোগ৷ জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে শৰীৰৰ প্রতি লক্ষ্য ৰাখিব৷ দাম্পত্যত শান্তি বজাই থাকিব৷ প্রেমত মধ্যম ফল৷
তুলা : কর্মক্ষেত্রত জটিলতা বৃদ্ধি পাব৷ দিনটোত শুভ সংবাদ প্রাপ্তিৰ যোগ আছে৷ ব্যৱসায়ত অপ্রত্যাশিতভাৱে জটিলতাই দেখা দিব পাৰে৷ প্রাপ্য ধন প্রাপ্তিৰ ক্ষেত্রত অযথা বাধা৷ অর্থনৈতিক দিশত শুভ যদিও অযথা ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত শুভ ফল৷ আজি ভ্রমণ নকৰিব৷
বৃশ্চিক : কর্মক্ষেত্রত মানসিক চাপ থাকিব৷ সন্তানে পিতৃ–মাতৃৰ মনত আনন্দ দিব৷ আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে৷ অসম্পূর্ণ কাম সমাপ্ত কৰি মনত আনন্দ অনুভৱ কৰিব৷ আত্মীয়ৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যার্থীয়ে আৰু অধিক পৰিশ্রম কৰিব লাগিব৷
ধনু : সামাজিক কামত আত্মমর্যাদা বৃদ্ধিৰ যোগ৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ সন্তানৰ বিদ্যা শিক্ষাক লৈ পিতৃ–মাতৃৰ চিন্তা থাকিব৷ নতুন যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ জুইৰ পৰা দিনটোত সতর্কতা অৱলম্বন কৰিব৷ আকস্মিক ধন প্রাপ্তিৰ যোগ৷ প্রেমত কাজিয়া–পেচাল বৃদ্ধি পাব৷
মকৰ : কর্মক্ষেত্রত সহকর্মীৰ লগত সম্পর্ক ভাল ৰখাৰ চেষ্টা কৰিব৷ অযথা কাৰোবাৰ লগত বিবাদত জড়িত হ’ব পাৰে৷ বিশেষ কামত সাফল্য আহিব৷ ঠিকাদাৰসকলে নতুন কর্মৰ সন্ধান পাব পাৰে৷ ব্যৱসায়–বাণিজ্যত উন্নতিৰ যোগ৷ বিদ্যার্থীৰ মধ্যম ফল৷ প্রেমত সাফল্য আহিব৷
কুম্ভ : দৈনন্দিন কর্মত সাফল্য আহিব৷ ঘৰুৱা শান্তি বিঘিনি হ’ব পাৰে৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ আর্থিক ক্ষেত্রত শুভ যদিও ব্যয়ৰ পৰিমাণো বৃদ্ধি পাব৷ লোহাৰ দ্বাৰা শৰীৰত আঘাত প্রাপ্তিৰ যোগ, গতিকে চলা–ফুৰাৰ ক্ষেত্রত সতর্ক থাকিব৷ চুটি ভ্রমণ হ’ব পাৰে৷ বিদ্যার্থীৰ সাফল্য৷
মীন : কর্মক্ষেত্রত কামৰ চাপ বৃদ্ধি পাব পাৰে৷ বিবাদত জয়ী হোৱাৰ সম্ভাৱনা আছে৷ দিনটোত নতুনকৈ চিন্তা–ধাৰণা কৰিব পাৰে৷ বিনা কাৰণত সন্মান হানিৰ যোগ, প্রেমত সাফল্য আহিব৷ সৰু–সুৰা বিষয় লৈ দাম্পত্যত অশান্তিৰ সূত্রপাত ঘটিব পাৰে৷ আর্থিক ক্ষেত্রত মধ্যম ফল৷ আজি ভ্রমণ নকৰিব৷