মার্চত সলনি হ’ব বেংক একাউণ্টৰ নিয়ম; ATM সহ পাঁচটা নিয়মৰ পৰিৱর্তনৰ সম্ভাৱনা
যদি এছবিআইত কিবা কাম আছে, সোনকালে কৰি লওক৷ কাৰণ মার্চৰ পৰা পৰিৱর্তন হ’ব বেংক একাউণ্ট আৰু এটিএমসহ অন্যান্য পাঁচটা নিয়ম৷ এছবিআইৰ গ্রাহকসকলে এই কথা জনাটো উচিত৷ ইতিমধ্যে ভাৰতীয় ষ্টেট বেংকে পাঁচটা নিয়ম সলনি কৰাৰ সিদ্ধান্ত লৈছে৷ যি নিয়মৰ প্রভাৱ পৰিব পাৰে গ্রাহকসকলৰ একাউণ্টতো৷ আনকি ৰন্ধন গেছৰো নতুন মূল্যৰ পৰিৱর্তন হ’ব পাৰে৷ ইয়াৰ বাহিৰেও বিগত বর্ষত জিএছটি কাউঞ্চিলে এটা ডাঙৰ সিদ্ধান্ত লৈছিল, যি সিদ্ধান্ত অহা পহিলা মার্চৰ পৰা কার্যকৰী হ’ব৷
কি নিয়ম পৰিৱর্তন হ’ব–
(১) পহিলা মার্চৰ পৰা এছবিআইৰ বেংক একাউণ্টসমূহ বন্ধ হ’ব পাৰে৷ বিশেষকৈ যিসকলে কে ৱাই চি ফর্ম জমা দিয়া নাই তেওঁলোকৰ একাউণ্ট বন্ধ হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে বেংকৰ ফালৰ পৰা গ্রাহকসকললৈ এছএমএছো প্রেৰণ কৰা হৈছে৷ অহা ২৮ ফেব্রুৱাৰীত কে ৱাই চি ফর্ম পূৰণ কৰাৰ অন্তিম দিন নির্ধাৰণ কৰিছে বেংকটোৱে৷ যিসকল গ্রাহকে আগতে কে ৱাই চি ফর্ম জমা দিছে আৰু তেওঁলোকে যদি আপডেট নকৰে, তেনেহ’লে সেইসকল গ্রাহকৰ একাউণ্ট বন্ধ হ’ব পাৰে৷ ইয়াৰ বাবে গ্রাহকসকলে ভোটাৰ আইডি, পাছপ’ট, ড্রাইভিং লাইচেঞ্চ আদি জমা দিব লাগিব৷ অকল এয়াই নহয়, ডাকঘৰৰ ফালৰ পৰা পোৱা পৰিচয়–পত্র, টেলিফোনৰ বিল, বিদ্যুতৰ বিল, বেংকৰ একাউণ্টৰ সম্পূর্ণ বিৱৰণ, ৰেচন কার্ড, ক্রেডিট কার্ডৰ বিৱৰণ আদি বেংকত জমা দিব লাগিব৷
(২) ইণ্ডিয়ান বেংকৰ এটিএমৰ পৰা আৰু নোলায় ২০০০ টকীয়া নোট- ৰাজহুৱা খণ্ডৰ বেংক ইণ্ডিয়ান বেংকৰ ফালৰ পৰা প্রকাশ কৰা মতে, বেংকটোৰ এটিএমৰ পৰা অহা মার্চৰ পিছত আৰু নোলায় ২০০০ টকীয়া নতুন নোট৷ ইতিমধ্যে এই কথা প্রকাশ কৰিছে বেংকটোৱে৷ কিন্তু যিসকল গ্রাহকে ২০০০ টকীয়া নোট বিচাৰে, তেওঁলোকে বেংকটোৰ যিকোনো শাখাত গৈ উলিয়াব পাৰিব৷ অহা পহিলা মার্চৰ পৰা ইণ্ডিয়ান বেংকৰ এটিএমত ২০০০ টকীয়া নোট উলিয়াব নোৱাৰিব৷
(৩) জিএছটিৰ নতুন নিয়ম আৰম্ভ- অহা পহিলা মার্চৰ পৰা লটাৰী ক্ষেত্রত ২৮ শতাংশপর্যন্ত জিএছটি আৰম্ভ হ’ব৷ জিএছটি কাউঞ্চিলে বিগত বর্ষৰ ডিচেম্বৰত এই সিদ্ধান্ত লৈছিল৷
(৪) মার্চৰ পৰা এছবিআইৰ এটিএম কার্ডেৰে ধন উলিওৱাৰ নতুন নিয়ম- ভাৰতীয় ৰিজার্ভ বেংকে এটিএম কার্ড অর্থাৎ ডেবিট কার্ড বা ক্রেডিট কার্ডৰে জড়িত কিছুমান নিয়ম পৰিৱর্তন কৰিছে৷ ৰিজার্ভ বেংকৰ ফালৰ পৰা অন্যান্য বেংকসমূহক জনোৱা মতে, তেওঁলোকে দেশৰ ভিতৰতে এটিএম বা পি’এছৰ জৰিয়তে ধন উলিয়াব পাৰিব৷ ইয়াৰ পৰিৱর্তে আন্তঃৰাষ্ট্রীয় লেনদেনৰ বাবে গ্রাহকসকলে বেংকটোৰ সৈতে যোগাযোগ কৰিব লাগিব৷
(৫) ৰন্ধন গেছৰ মূল্য- ইতিমধ্যে দেশৰ বৃহৎ অইল কোম্পানীসমূহে প্রতিমাহে ৰন্ধন গেছৰ মূল্য মাহটোৰ প্রথম তাৰিখতে নির্ধাৰণ কৰে৷ কিন্তু চলিত মাহৰ আৰম্ভণিতে অইল কোম্পানীসমূহে ৰন্ধন গেছৰ মূল্য নতুনকৈ নির্ধাৰণ কৰিছে৷ এতিয়া অহা মার্চত আকৌ ৰন্ধন গেছৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷