নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়া মুছলমানক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঈদৰ উপহাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ মাৰ্চঃ ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰৰ বৃহৎ ঘোষণা। অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সকলোলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঈদৰ উপহাৰ আগবঢ়াইছে। ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পর্যায়ত সমিতি গঠন কৰিছে। প্রতিখন জিলাৰ জিলা আযুক্তক চেয়াৰ পাৰ্চন নিযুক্তি দি জৰীপ সমিতি গঠন কৰা হৈছে। জিলা পৰ্যায়ৰ এই আর্থসামাজিক জৰীপ সমিতিত বিলাসীপাৰাৰ এজন যুৱ নেতাক সদস্য নিয়োজিত কৰাত উৎফুল্ল হৈ পৰিছে গৰিয়া মৰিয়া দেশী পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে। জিলা সমিতিখনত স্থান লাভ কৰা বিলাসীপাৰা চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বিলাসীপাৰা পৌৰসভাৰ বাৰ্ড আয়ুক্ত ছুৰত জামাল আলী আহমেদক আজি উষ্ম আদৰণি জনায় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে। জিলা জৰীপ সমিতিৰ সদস্য আহমেদক বাঙালীপাৰাস্থিত পৰিষদৰ জিলা কাৰ্যালয়ত দেশী কৱজ আৰু জাপিৰে সম্বর্ধনা জ্ঞাপন কৰে পৰিষদৰ জিলা সমিতিয়ে। অচিৰেই আৰম্ভ হ’বলগীয়া খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য অতি নিয়াৰিকৈ যাতে হয়, তাৰ প্রতি লক্ষ্য ৰাখিবলৈ সদস্যজনক আহ্বান জনায় খিলঞ্জীয়া মুছলমানসকলে। লগতে মুখ্যমন্ত্রীৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে পৰিষদে।

You might also like