নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দল সম্পৰ্কত কি ক’লে তৰুণ গগৈয়ে , চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজনৈতিক দল গঠনৰ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে নতুন ৰাজনৈতিক দল সম্পৰ্কত মত ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । এই দলক আদৰণি জনাম বুলি কোৱাৰ লগতে বিজেপিক প্ৰতিহত কৰিব পৰাকৈ শক্তিশালী দল গঠন হ’ব লাগে বুলি উল্লেখ কৰে তৰুণ গগৈয়ে । চাওক সংবাদমাধ্যমৰ আগত কি ক’লে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে –

ইফালে, আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত এজন উমৈহতীয়া প্ৰাৰ্থী বিচৰাৰ কথাও উল্লেখ কৰে তৰুণ গগৈয়ে । ৰাজ্যসভাৰ প্ৰাৰ্থীজন কোনো দলৰ নোহোৱাৰ লগতে তেওঁ কাবিৰোধী হ’ব লাগিব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীজনে । সততে ‘কা’বিৰোধী আন্দোলনত পূৰ্ণ সহযোগিতা কৰা জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া, অৰূপ বৰবৰা, জাহ্নু বৰুৱা, অজিত কুমাৰ ভূঞা এই মানুহবোৰকো বেয়া নালাগিব বুলি কয় তৰুণ গগৈয়ে । তেওঁলোকৰ নাম সমূহ উত্থাপিত হৈ থকা বুলি উল্লেখ কৰি তৰুণ গগৈয়ে যেন এইসকল লোকৰ মাজৰে এজনক ৰাজ্যসভাৰ প্ৰাৰ্থী ৰূপে বিচাৰিছে আওপকীয়াকৈ সেই কথাই প্ৰকাশ পাইছে । চাওক তৰুণ গগৈয়ে এই সন্দৰ্ভত কি ক’লে –

You might also like