নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চ : শেহতীয়াকৈ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে জু-জিৎসু খেল । 2021 চনতে অসমত এই খেলে প্ৰসাৰ লাভ কৰিছিল আৰু জু-জিৎসু সংস্থা, অসম গঠন হৈছিল । ইতিমধ্যে এই খেলখনৰ জৰিয়তে আবু ধাবিত অনুষ্ঠিত হোৱা অষ্টম এছিয়ান চেম্পিয়নশ্বিপত অসমৰ দহজন খেলুৱৈয়ে জু-জিৎসুত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। খেলটোক আৰু প্ৰসাৰৰ উদ্দেশ্যে সমগ্ৰ অসমতে জিলা পৰ্যায়ত কাম-কাজ আৰম্ভ হৈছে। সেই উদ্দেশ্যে দেওবাৰে নগাঁৱৰ ডেষ্টিনী ৰেষ্টুৰেন্টত অনুষ্ঠিত এখন সাধাৰণ সভাত ৰাজ্যিক কমিটীৰ পৰ্যবেক্ষক জু-জিৎসু সন্থা, অসমৰ সম্পাদক সঞ্জয় কুমাৰ চাউৰ উপস্থিতিত নগাঁও জিলা জু-জিৎসু কমিটী গঠন কৰা হয় নাম দিয়া হয় গ্ৰেটাৰ নগাঁও জু-জিৎসু সন্থা । আনহাতে, নগাঁও জিলাৰ বাবে ভাল খবৰ যে এই খেলৰ জৰিয়তে উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’ব লগা ১৮ বছৰ অনূৰ্ধ্ব ৰাষ্ট্ৰীয় জু-জিৎসু খেলত ছয়গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। তেনে সময়তে বিশিষ্ট সমাজসেৱক অৰূপ কুমাৰ শইকীয়াক সভাপতি, ৰিকু কটকীক সাধাৰণ সম্পাদক, ভাস্কৰ জ্যোতি বৰাক কোষাধ্যক্ষ আৰু মানৱ জ্যোতি বৰাক প্ৰচাৰ সম্পাদক হিচাপে লৈ ২১ জনীয়া কমিটী গঠন কৰা হয় ।
প্ৰেৰক মানৱ জ্যোতি বৰা